• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উৱেফা চেম্পিয়নচ্ লীগ: ৰোনাল্ডোৰ চমকেৰে জয় ইউনাইটেডৰ,বেয়াৰ্নৰ দুৰ্দ্দান্ত প্ৰদৰ্শন অব্যাহত,পৰাস্ত বাৰ্চিলোনা,চেলছি

এন ই নাও নিউজ by এন ই নাও নিউজ
September 30, 2021 10:57 am
Champions League
95
VIEWS
Share on FacebookShare on Twitter

উৱেফা চেম্পিয়নচ্ লীগত যোৱা নিশা নিজ নিজ খেলত জয় সাব্যস্ত কৰিছে বেয়াৰ্ন মিউনিখ,মানচেষ্টাৰ ইউনাইটেডে।

যোৱা নিশা গ্ৰুপ F ৰ এখন খেলত মানচেষ্টাৰ ইউনাইটেডে পৰাস্ত কৰে স্পেনিছ ক্লাব ভিলাৰেলক। প্ৰথমাৰ্দ্ধ গলশূন্য ভাৱে সামৰণি পৰাৰ পিছত দ্বিতীয়াৰ্দ্ধৰ ৫৩ মিনিটত আলকাচেৰৰ গলেৰে অগ্ৰগতি লাভ কৰে ভিলাৰেলে।

অৱশ্যে ভিলাৰেলৰ অগ্ৰগতি দীৰ্ঘস্থায়ী নহ’ল। খেলৰ ৬০ মিনিটত টেলেচৰ গলেৰে সমতা স্থাপন কৰে ইউনাইটেডে। ইনজুৰি টাইমত তাৰকা ফুটবলাৰ ৰোনাল্ডোৱে ইউনাইটেডৰ হৈ নিৰ্ণায়ক গল স্ক’ৰ কৰি জয় কঢ়িয়াই আনে।

আনহাতে ইউক্ৰেইনৰ ক্লাব ডাইনামো কিভক ৫-০ গলত বিধ্বস্ত কৰি গ্ৰুপ E ৰ শীৰ্ষ স্থান অক্ষুন্ন ৰাখিছে বেয়াৰ্ন মিউনিখে। মিউনিখৰ হৈ লেৱাণ্ড’স্কিয়ে দুটা গল স্ক’ৰ কৰাৰ বিপৰীতে এটাকৈ গল স্ক’ৰ কৰে গিনেব্ৰি, চানে আৰু চুপৌ মুটিঙে।

উল্লেখ্য যে লেৱাণ্ড’স্কিয়ে আজি চেম্পিয়নচ্ লীগৰ ইতিহাসত তৃতীয় সৰ্বাধিক গলদাতাৰ সাফল্য অৰ্জন কৰে। এইক্ষেত্ৰত লেৱাণ্ড’স্কিৰ আগত কেৱল ৰোনাল্ডো আৰু মেছিয়েহে স্থান লাভ কৰিছে।

আনহাতে পৰাজয়ৰ মুখ দেখিছে ডিফেণ্ডিং চেম্পিয়ন চেলছিয়ে। আজি চেলছিক একমাত্ৰ গলত পৰাস্ত কৰে ইটালীয়ান ক্লাৱ জুভেণ্টাচে। খেলৰ ৪৬ মিনিটত জুভেণ্টাচৰ হৈ একমাত্ৰ গলটো স্ক’ৰ কৰে কিয়েজাই।

ক্ৰমাগত দ্বিতীয় পৰাজয়েৰে চেম্পিয়নচ্ লীগৰ পৰা বাহিৰ হোৱাৰ উপক্ৰম হৈছে এসময়ৰ শক্তিশালী দল বাৰ্চিলোনা। এসময়ত ক্লাব ফুটবলত দপদপাই থকা স্পেনিছ ক্লাবটো বৰ্তমান প্ৰায় দুৰ্বল হৈ পৰিছে। প্ৰথম মেচত বেয়াৰ্নৰ বিপক্ষে ৩-০ গলত পৰাস্ত হোৱা বাৰ্চিলোনাক আজি পুনৰ ৩-০ গলত পৰাস্ত কৰে বেনিফিকাই।

পৰ্তুগীজ ক্লাবটোৰ হৈ ৩ মিনিটতে নুনেজে গলৰ পাতনি মেলাৰ পিছত ৬৯ মিনিটত ৰাফা ছিলভাই দলৰ হৈ দ্বিতীয়টো গল দিয়ে। খেলৰ ৭৯ মিনিটত নুনেজে দলৰ হৈ তৃতীয় তথা ব্যক্তিগত দ্বিতীয় গলটো স্ক’ৰ কৰে।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd