বৰুণ ধাৱান, ছাৰা আলী খান অভিনীত ‘কুলী নং ১’ ছবিৰ প’ষ্টাৰ মুকলি

416623-lead

জনপ্ৰিয় ‘ৰাজু’ চৰিত্ৰত বৰুণ ধাৱানে অভিনয় কৰা বহু প্ৰত্যাশিত ছবি ‘কুলী নং১’ৰ প্ৰথমখন প’ষ্টাৰ যোৱা ১২ আগষ্টত মুকলি কৰা হয়।

অভিনেতাগৰাকীয়ে ইয়াত ৰঙা আৰু বগা য়ুনিফৰ্ম পৰিধান কৰি ট্ৰলী বেগ এটাৰ ওপৰত বহি থকা দেখা গৈছে।

‘কেডাৰনাথ’ ছবিৰে চলচ্চিত্ৰ জগতত ভুমুকি মৰা ছাৰা আলী খানে মুল নাৰী চৰিত্ৰত অভিনয় কৰিছে।

ছাৰা আৰু বৰুণ থকা আন এখন প’ষ্টাৰো অভিনেত্ৰীগৰাকীৰ ২৪ বৰ্ষীয় জন্মদিন উপলক্ষে শ্বেয়াৰ কৰা দেখা গৈছে।

উল্লেখযোগ্য যে মূল ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল গোবিন্দা আৰু কৰিষ্মা কাপুৰে।

ছবিখনৰ পৰিচালনা কৰিছিল চলচ্চিত্ৰ নিৰ্মাতা ডেভিদ ধাৱানে।

সেই ছবিখনত শক্তি কাপুৰ আৰু প্ৰয়াত কেডাৰ খানকো সহযোগী অভিনেতা হিচাপে দেখা গৈছিল।

পুননিৰ্মাণ কৰিবলৈ লোৱা ছবিখনো ডেভিদ ধাৱানেই পৰিচলনা কৰিছে। প’ষ্টাৰত উল্লেখ কৰা হৈছে যে এইখন হ’ব তেওঁৰ ৪৫ সংখ্যক ছবি।

থাইলেণ্ডৰ বেংককত যোৱা ৭ আগষ্টত ছবিখনৰ শিল্পী আৰু কলা-কুশলীসকলে ছবিখনৰ নিৰ্মাণৰ আৰম্ভ কৰিছে। ইনষ্টাগ্ৰামৰ এটা প’ষ্টত কাহিনীকাৰ ফাৰহাদ ছামজিয়ে এয়া সদৰী কৰিছে।

বাতৰি অনুসৰি, বৰুণে ইয়াৰ পূৰ্বে কৈছিল যে তেওঁ ‘কুলী নং ১’ছবিখনত কাম কৰিবলৈ অতি উৎসাহী হৈ পৰিছে।

তেওঁৰ এই উৎসাহৰ কাৰণ হৈছে যে তেওঁ মূল ছবিখন অতি মনোৰঞ্জনমূলক আছিল বুলি ধাৰণা কৰে।

‘’মই ছবিখন বৰ উপভোগ কৰিছিলো। এইখন এখন পাৰিবাৰিক ছবি। মই চোৱা ছবিসমূহৰ ভিতৰত এইখন আটাইতকৈ ধেমেলীয়া আৰু অতি মনোৰঞ্জনমূলক ছবি।ইয়াৰ চিত্ৰনাট্যখন অতি চমৎকাৰ আৰু সুন্দৰ অভিনেতাই অভিনয় কৰিছে। আমি ইয়াক গ্ৰহণ কৰিছো। এইখন ৰিমেক ছবি নহয়,’’-তেওঁ কয়।

বাতৰি অনুসৰি, ছাৰা আৰু বৰুণে জনপ্ৰিয় ‘মে তো ৰাস্তা সে’ গানটোৰ নৃত্যত অংশগ্ৰহণ কৰিব।

আহিবলগীয়া এই ছবিখন প্ৰযোজনা কৰিছে বাসু ভাগনানিৰ পুজা এন্টাৰটেইনমেন্টে।

‘কুলী নং ১’ ছবিখন অহা ২০২০’ৰ ১ মে’ত  চিত্ৰগৃহলৈ আহিব।