দক্ষিণ ত্ৰিপুৰাৰ কিল্লাত ৰাজ্যিক পৰ্যায়ৰ প্ৰথম কমলা মহোৎসৱৰ আয়োজন কৰা হৈছে। ত্ৰিপুৰাৰ কমলা খেতিক উদগণি দিয়াৰ উদ্দেশ্যে দক্ষিণ ত্ৰিপুৰাৰ কাৰবুক মহকুমাত এই কমলা মহোৎসৱৰ আয়োজন কৰা হৈছে।
ৰাজ্যখনৰ মুখ্য মন্ত্ৰীৰ বিপ্লব কুমাৰ দেব, কৃষি আৰু পৰ্যটন মন্ত্ৰী প্ৰাণজিত সিনসা ৰয় আৰু কেইগৰাকীমান বিধায়ক, উদ্যান শস্য বিভাগৰ কেইগৰাকীমান উচ্চ পৰ্যায়ৰ বিষয়া আৰু আন আন বিশিষ্ট ব্যক্তিয়ে এই কমলা মহোৎসৱত অংশগ্ৰহণ কৰে।
মহোৎসৱৰ স্থানত অংশগ্ৰহণ কৰাৰ আগতে মুখ্য মন্ত্ৰী আৰু তেওঁৰ পত্নীয়ে নতুনকৈ পতা কমলা উদ্যানখন পৰিদৰ্শন কৰে, গছৰ পৰা কমলা চিঙে আৰু তাৰ সোৱাদ লয়। তেওঁলোকে কয় যে এনেদৰে গছৰ পৰা কমলা চিঙি খোৱাটো তেওঁলোকৰ বাবে এটা নতুন অভিজ্ঞতা।
মুখ্য মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে ত্ৰিপুৰাৰ কমলা যথেষ্ট ৰসাল আৰু সুমিষ্ট। তেওঁ আৰু উল্লেখ কৰে যে ১৯৮০ চনতেই ভাৰত চৰকাৰে ত্ৰিপুৰাৰ কমলাক ভৰতৰ ভিতৰতে অন্যতম উৎকৃষ্ট বুলি ঘোষণা কৰিছিল কিন্তু ইয়াক উদগনি দিয়া হোৱা নাছিল। মুখ্য মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বৰ্তমানৰ চৰকাৰী ই-বজাৰৰ (Government e-Marketplace) সুবিধা গ্ৰহণ কৰি খেতিয়কসকল উপকৃত হ’ব পাৰিব। তেওঁ কৃষকসকলক প্ৰতি হেক্টৰ কমলা খেতিৰ বাবত ১৫০০০ টকা অনুদান দিয়াৰ কথাও ঘোষণা কৰে।
তাৰ পাছত মুখ্য মন্ত্ৰীগৰাকীয়ে কমলা মহোৎসৱ উদ্বোধন কৰে আৰু তাত থকা বিপণিসমূহ পৰিদৰ্শন কৰে। মুখ্য মন্ত্ৰীগৰাকীয়ে উদ্যানশস্য বিভাগৰ দ্বাৰা আয়োজিত প্ৰদৰ্শনী ও প্ৰতিযোগিতা বিপণিখনো পৰিদৰ্শণ কৰে। মন্ত্ৰীগৰাকী আৰু আন আন বিশিষ্ট ব্যক্তিসকলে বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে। উলল্লেখ্য যে অংশগ্ৰহণকাৰীসকলৰ আধিকাংশই আছিল মহিলা।
দৰ্শনাৰ্থী আৰু কৃষকসকলে এই কমলা মহোৎসৱ সন্দৰ্ভত নিজৰ সন্তুষ্টি ব্যক্ত কৰে। এই মহোৎসৱত কৃষক আৰু ক্ৰেতাসকলৰ মাজত প্ৰত্যক্ষ মত বিনিময় হয়। তাৰোপৰি এই মহোৎসৱেই ৰাজ্যখনৰ জনজাতি আৰু অ-জনজাতীয় লোকসকলক পৰস্পৰৰ কাষ চপাত অনাত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
উল্লেখ্য যে ত্ৰিপুৰাৰ জামপুইৰ কমলা দেশৰ সৰ্বোৎকৃষ্ট কমলাৰ ভিতৰত অন্যতম যদিও সঠিক নিৰীক্ষণ আৰু কমলা বাগানৰ সঠিক যত্নৰ অভাৱত ইয়াৰ উৎপাদন কমি হৈছে।