হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য্যৰ দায়িত্বভাৰ গ্ৰহণ

hojai-vc-750x375

বিশ্ববিদ্যালয় চৌহদত উপাচাৰ্য্য অমলেন্দু চক্ৰৱৰ্তী।

অসমৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য্য হিচাপে ১ জুনত হোজাইত দায়িত্বভাৰ গ্ৰহণ কৰে অমলেন্দু চক্ৰৱৰ্তীয়ে।

বিশ্ববিদ্যালয়খনৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়ে উপাচাৰ্য্যগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ চৌহদত গছপুলি ৰোপন কৰে।

নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত উপাচাৰ্য্য চক্ৰৱৰ্তীয়ে কয় যে হোজাইত স্থাপন হোৱা ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়খন হ’ল ভাৰতৰ ভিতৰত প্ৰথমখন কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামেৰে স্থাপন হোৱা চৰকাৰী বিশ্ববিদ্যালয়। তেওঁ আকৌ কয় যে, মধ্যপ্ৰদেশত বৰীন্দ্ৰনাথ ঠাকুৰৰ নামেৰে এখন বিশ্ববিদ্যালয় আছে যদিও বিশ্ববিদ্যালয়খন ব্যক্তিগতখণ্ডৰ।

আনহাতে, উপাচাৰ্য্যগৰাকীয়ে বিশ্ববিদ্যালয়খনক এখন আগশাৰীৰ বিশ্ববিদ্যালয় হিচাপে গঢ় দিয়াৰ বাবে যৎপৰোনাস্তি  চেষ্টা কৰিব বুলি উল্লেখ কৰি কয় ইয়াৰ বাবে কিছুদিন পাছত ৰাজ্যৰ ৰাজ্যপালৰ লগত নতুনকৈ স্থাপন হোৱা বিশ্ববিদ্যালয়খনৰ ভবিষ্যত কাৰ্য্যপন্থা সম্বন্ধে আলোচনা কৰা হ’ব ।

তেওঁ বিশ্ববিদ্যালয়খনৰ সকলো বিভাগকে সম মৰ্যদা প্ৰদান কৰা হ’ব বুলিও তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

তদুপৰি, চক্ৰৱৰ্তীয়ে ১৯৭৯ চনত হোজাই মহাবিদ্যালয়ত ৯ মাহৰ বাবে কাম কৰাৰ স্মৃতি ৰোপন কৰি নতুন বিশ্ববিদ্যালয়খনে হোজাইৰ লগতে সমগ্ৰ অসমৰ শিক্ষা জগতক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, ১ জুনত চক্ৰৱৰ্তীয়ে গুৱাহাটীৰ ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰিছিল আৰু শুক্ৰবাৰে অৰ্থাৎ ৭ জুনত তেওঁ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে।