ঝাৰখণ্ডত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত ৫ জন

Accident

ঝাৰখণ্ডৰ ৰামগৰ জিলাত বুধবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা,যাৰ ফলস্বৰূপে মৃত্যুমুখত পৰে পাঁচজনকৈ লোক। ঝাৰখণ্ডৰ ৰাজৰাপ্পা আৰক্ষী চকীৰ অন্তৰ্গত মুৰবাণ্ডা অঞ্চলত এই দুৰ্ঘটনাটো সংঘটিত হয়।

আৰক্ষীয়ে জনোৱা মতে,আজি পুৱা ৮ বজাত ৰামগৰ-গোলা মূলপথত এখন ৱেগনাৰে বাচ এখনৰ সৈতে মুখামুখিকৈ খুন্দা মাৰে। খুন্দিওৱাৰ পিছ মুহূৰ্ততে যাত্ৰীবাহী ৱেগনাৰখন জ্বলি যায়।

জুইয়ে আৱৰি ধৰাৰ ফলত বাহনখনত থকা পাঁচজন ব্যক্তি অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। আনহাতে বাছখনৰ চালকজনো গুৰুতৰভাৱে আহত হয়। আঘাতপ্ৰাপ্ত বাছ চালকজনক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

দুৰ্ঘটনাটোত নিহত ৫ জনৰ দুজন পুৰুষ,দুগৰাকী মহিলা আৰু এজন কিশোৰ আছিল বুলি ৰামগৰ জিলা আৰক্ষী অধীক্ষক প্ৰভাত কুমাৰে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে,নিহত ব্যক্তিকেইজন পাটনাৰ বাসিন্দা আছিল আৰু আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকৰ ঠিকনা তথা অন্যান্য তথ্য সংগ্ৰহৰ বাবে অনুসন্ধান আৰম্ভ কৰিছে।

তেওঁ লগতে দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ তদন্ত চলোৱা হব বুলিও জানিবলৈ দিয়ে।