শেনচোৱাত পাঁচ দিনীয়া কাৰ্যসূচীৰে শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ

rasmela, sensowa.docx photo.jpg 2

শেনচোৱাৰ ৰাসমেলা। ফাইল ফটো

আধুনিক অসমৰ জনক, নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰাসক্ৰীড়া বা কেলিগোপাল নাট অসমৰ বিভিন্ন স্থানত অনুষ্ঠিত হোৱাৰ সমান্তৰালভাৱে নগাঁও জিলাৰ শেনচোৱাতো অনুষ্ঠিত হ’ব।

মহাপুৰুষগৰাকীৰ আদৰ্শ শিৰোগত কৰি শ্ৰীকৃষ্ণৰ গোপীসকলৰ প্ৰতি থকা জ্ঞানগৰ্ভ উপদেশ আৰু নিষ্কাম প্ৰেমক সজীৱ কৰি ৪১ বছৰ সফলতাৰে পালন কৰা বৃহত্তৰ শেনচোৱাবাসী ৰাইজে অহা ২১, ২২, ২৩, ২৪ আৰু ২৫ নৱেম্বৰত পাঁচদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শেনচোৱা অমৰ বৰকাকতী হাইস্কুল খেলপথাৰত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ দিহা কৰিছে।

প্ৰকাশিত কাৰ্যসূচী অনুসৰি, ২১ নৱেম্বৰৰ সন্ধিয়া ভাগৱত স্থাপনেৰে সমগ্ৰ অনুষ্ঠানৰ শুভাৰম্ভ হোৱাৰ পিছত নিশা অনুষ্ঠিত হ’ব গন্ধৰ্ব বাদন। ২২ নৱেম্বৰৰ পুৱা প্ৰাতঃপ্ৰসংগৰ পিছতে পতাকা উত্তোলন, বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, দুপৰীয়া নাম প্ৰসংগ আৰু নিশা উদযাপন সমিতিৰ সাংস্কৃতিক বিভাগৰ পৰিচালনাত যুৱতী আৰু মহিলাসকলৰ দ্বাৰা কেলিগোপাল নাট পৰিৱেশন হ’ব।

বিশিষ্ট সমাজ সেৱক ভুৱনেশ্বৰ দাসে উদ্বোধন কৰিব লগীয়া অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। সেইদৰে ২৩ নৱেম্বৰৰ পুৱা প্ৰাতঃপ্ৰসংগ, দুপৰীয়া নামপ্ৰসংগ আৰু নিশা বিশিষ্ট পৰিচালক সৰ্বেশ্বৰ বৰুৱাৰ পৰিচালনাত অংকীয়া ভাওনা ‘জয়ধ্বজৰ ৰাজ্য লাভ’ পৰিৱেশন হ’ব। বিশিষ্ট লোক-সংস্কৃতিৰ গৱেষক তথা আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ সদানন্দ পায়েঙে উদ্বোধন কৰিব লগা অনুষ্ঠানটোত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।

আনহাতে, ২৪ নৱেম্বৰৰ দুপৰীয়া নামপ্ৰসংগৰ পিছত নিশা  বিশিষ্ট পৰিচালক ৰাজদ্বীপ গোস্বামীৰ পৰিচালনাত নাট্যকাৰ মুনীন বৰুৱাৰ সামাজিক নাট ‘মহানায়ক’ মঞ্চস্থ হ’ব। নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত গৌৰিশংকৰ দাসে উদ্বোধন কৰিবলগা নাটকখনৰ অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা।

সেইদৰে কাৰ্যসূচীৰ অন্তিম দিনা পুৱা প্ৰাতঃপ্ৰসংগ, দুপৰীয়া নামপ্ৰসংগ আৰু নিশা যুৱকসকলৰ দ্বাৰা কেলিগোপাল নাট পৰিৱেশন হ’ব। এই অনুষ্ঠানত উদ্বোধক হিচাপে নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অতুল চন্দ্ৰ পাটৰ আৰু বিশিষ্ট অতিথি হিচাপে কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁই উপস্থিত থাকিব। উদযাপন সমিতিয়ে অনুষ্ঠানৰ সমূহ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।