আলফা (স্বা)ৰ পাঁচগৰাকী দুৰ্ধৰ্ষ সদস্যক আটক; বহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

উজনি অসমৰ চৰাইদেউ জিলাত বুধবাৰে নিশা নিৰাপত্তাৰক্ষী বাহিনীয়ে চলোৱা এটা অভিযানত আলফা (স্বা)ৰ পাঁচজন দুৰ্ধৰ্ষ সদস্য আটক হয়। উগ্ৰপন্থীৰ দলটোৰ পৰা বহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও জব্দ কৰে।

অসম-অৰুণাচল-নাগালেণ্ড সীমান্তৰ সাপেখাটি আৰক্ষী থানাৰ অন্তৰ্গত চতিয়নাগুৰি অঞ্চলৰ টাইৰাই গাঁৱৰ ভূৱন গগৈ নামৰ এজন লোকৰ ঘৰত বাহৰ পাতি থকা অৱস্থাৰ পৰা তেওঁলোকক আটক কৰে।

আৰক্ষী আৰু সেনা বাহিনীয়ে যুটীয়াভাৱে এই অভিযানটো চলায়। এই বিশেষ অভিযানটো চৰাইডেউৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰা আৰু সাপেখাটিস্থিত সেনা শিবিৰৰ চি অ’ই নেতৃত্ব প্ৰদান কৰে।

অভিযানকাৰী দলটোৰ হাতত আটক হোৱা আলফা সদস্য কেইজন হ’ল ক্ৰমে অপূৰ্ব গগৈ ওৰফে আৰোহন অসম, সীমান্ত গগৈ ওৰফে মাইনা, বিৰাজ অসম ওৰফে যোগেন গগৈ, লক্ষজিৎ গগৈ ওৰফে ধ্ৰুৱ অসম আৰু সিদ্ধাৰ্থ গগৈ ওৰফে চিন্ময় অসম।

এটা সূত্ৰই জনোৱা অনুসৰি আৰোহন অসম আৰু মাইনা আলফাৰ ম’ষ্ট ৱাণ্টেড সদস্য আছিল। ইয়াৰে মাইনা আছিল এজন আই ই ডি বিশেষজ্ঞ।

শিৱসাগৰ আৰু চৰাইদেউ জিলাত সংঘটিত বিভিন্ন অপৰাধমূলক কামৰ সৈতে জৰিত এই দুয়োজনকে ২০১২ চনৰ পৰাই আৰক্ষীয়ে বিচাৰি আছিল।

উল্লেখ্য যে উগ্ৰপন্থীৰ দলটোক আটক কৰাৰ সময়ত তেওঁলোকৰ লগত কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ নাছিল। পিছত সোধা-পোচা কৰাত তেওঁলোকে বাহৰ পাতি থকা ঘৰৰ পৰা প্ৰায় ২০০ মিটাৰ নিলগৰ পৰা অস্ত্ৰ-শস্ত্ৰখিনি উদ্ধাৰ কৰে।

মাটিত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰা অস্ত্ৰ সমূহ হ’ল- তিনিটা MQ 81 এছল্ট ৰাইফল, আঠটা MQ 81 মেগজিনছ. ৩২৩ টা MQ 81 এমুনেশ্যন, ৰাছিয়াত নিৰ্মিত এটা ৭.৬৫ এম এম পিষ্টল, মেগজিনৰ সৈতে এটা .২২ এম এম পিষ্টল, দুটা ০.২২ এম এম  এমুনেশ্যন, দুটা ৭.৬৫২ এম এম এমুনেশ্যন, প্ৰায় দুই কেজি জিলেটিন, তিনি মিটাৰৰ সাত টুকুৰা কৰডেক্স, ডিট’নেটৰছ আৰু আলফা (স্বা)ৰ পোচাকৰ লগতে অন্য সা-সামগ্ৰী উদ্ধাৰ কৰে।

আৰক্ষী অধীক্ষক মিশ্ৰাই এই সন্দৰ্ভত কয় যে আটকাধীন পাঁচজন সদস্যৰ লগতে তেওঁলোকক থাকিবলৈ সুবিধা কৰি দিয়া লোকজনৰ ওপৰত আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ইফালে আলফাৰ এই শীৰ্ষ পৰ্যায়ৰ দলটোৰ গ্ৰেপ্তাৰে সংগঠনটোক বৃহৎ ক্ষতি কৰিব বুলিও আৰক্ষী অধীক্ষকজনে উল্লেখ কৰে।