NORTHEAST NOW (Assamese)

বুল্লুটত ভূমি বিবাদক কেন্দ্ৰ কৰি দুৰ্বৃত্তৰ দলৰ আক্ৰমণত আহত শিশু-মহিলাসহ ৫ জনকৈ লোক

May 20, 2022 11:16 am · মৃদুল প্ৰীতম ডেকা, কামৰূপ
ফটো: নৰ্থইষ্ট নাও।

হাজোৰ বুল্লুট চাৰিআলিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ৫-৬ জনীয়া এটা দুৰ্বৃত্তৰ দলৰ আক্ৰমণৰ বলি হৈছে এটি পৰিয়াল। এই আক্ৰমণত আহত হৈছে এটি ছমহীয়া শিশুকে ধৰি মহিলা সহ ৫ জনকৈ লোক।

ভূমি বিবাদক কেন্দ্ৰ কৰিয়েই সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। বুল্লুট চাৰিআলিস্থিত চফুৰ আলী নামৰ লোকজনৰ দোকান ঘৰৰ ভূমি দখলৰ চেষ্টা চলাইছিল দুৰ্বৃত্তৰ দলটোৱে।

লগতে পঢ়ক: গুণোৎসৱৰ বতৰ: ৰাজ্যৰ এখন চৰকাৰী বিদ্যালয়ত এজন শিক্ষকে পাঠদান কৰিছে পাঁচটাকৈ শ্ৰেণীত

ইয়াৰ বিৰোধিতা কৰাৰ বাবেই দোকানখনৰ স্বত্বাধিকাৰী চফুৰ আলীসহ তেঁওৰ পৰিয়ালটোক যাঠি-জোঙৰ লগতে চোকা অস্ত্ৰৰে উপৰ্যুপৰি প্ৰহাৰ কৰে দূৰ্বৃত্তৰ দলটোৱে। ফলত ৰক্তাক্ত হৈ পৰে চফুৰ আলীৰ দোকান ঘৰ।

অৱশেষত তেজেৰে তুমুৰুলি অৱস্থাত আঘাতপ্ৰাপ্ত আটাইকেইজনে হাজো থানাত উপস্থিত হৈ দুৰ্বৃত্তৰ দলটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। লগে লগে হাজো আৰক্ষীৰ তৎপৰতাত হাজো বিষ্ণুৰাম মেধি সামুহিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসা প্ৰদান কৰা হয় আটাইকেইজনকে।

লগতে পঢ়ক: Man-Elephant Conflict: ৰংজুলিত বন্যহস্তীৰ তাণ্ডৱ; ভাঙিলে কেইবাটাও বাসগৃহ, দৌৰি প্ৰাণৰক্ষা পৰিয়ালৰ লোকৰ

এই ঘটনাত আঘাপ্ৰাপ্তকেইজন ক্ৰমে চফুৰ আলী,মকিবুল ইছলাম,মফিদা বেগম, চামিনা বেগম আৰু ৬মহীয়া শিশু চাহনুৰ আলী।

Related News