• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভূমি কেন্দ্ৰিক সংঘাত : উন্মত্ত ৰাইজৰ প্ৰহাৰত মৃত্যু একেটা পৰিয়ালৰে ৫ সদস্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2023 8:19 am
907
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশত ভূমিৰ এক বিবাদক কেন্দ্ৰ কৰি উন্মাদ জনসাধাৰণে একেটা পৰিয়ালৰ ৫ জন সদস্যক প্ৰহাৰ কৰি হত্যা কৰাৰ খবৰ পোহৰলৈ আহিছে।

দীৰ্ঘদিনীয়া ভূমি সম্পৰ্কীয় গোচৰক লৈ দুটা ফৈদৰ মাজত হোৱা সংঘৰ্ষত একেটা পৰিয়ালৰ ৫জন সদস্যকে ধৰি মুঠ ৬জন লোক নিহত হয়। 

সোমবাৰে উত্তৰ প্ৰদেশৰ দেওৰীয়া জিলাত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। 

স্থানীয় আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাত ইতিমধ্যে ২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও ক্ষতিগ্ৰস্ত পৰিয়ালক সম্ভৱপৰ সকলো সাহায্য প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, দেওৰীয়া জিলাৰ ফাটেপুৰ গাঁৱৰ এডোখৰ মাটিক লৈ দীৰ্ঘদিন ধৰি গাঁওখনৰ দুজন প্ৰভাৱশালী ব্যক্তি প্ৰেম যাদৱ আৰু সত্যপ্ৰকাশ ডুবেৰ মাজত আভ্যন্তৰীণ বিবাদ চলি আছিল। 

সোমবাৰে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম বাৰ্ষিকী উপলক্ষে পুৱা প্ৰেম যাদৱ সত্যপ্ৰকাশ ডুবেৰ ঘৰলৈ গৈ আলোচনাৰ জৰিয়তে সকলো বিবাদ নিষ্পত্তি কৰে। কিন্তু তাত কথা পাতি থকাৰ সময়তে সত্যপ্ৰকাশৰ পৰিয়ালৰ এগৰাকী মহিলাই চোকা অস্ত্ৰৰে প্ৰেম যাদৱক আক্ৰমণ কৰে। লগে লগে তেওঁৰ মৃত্যু হয়।

স্থানীয় আৰক্ষীৰ মতে, কিছু মুহূৰ্তৰ ভিতৰতে প্ৰেম যাদৱৰ মৃত্যুৰ খবৰ সমগ্ৰ গাঁওখনতে বিয়পি পৰে। তাৰ পিছত প্ৰেম যাদৱৰ আত্মীয় আৰু অনুৰাগীসকলে দলে বলে আহি সত্যপ্ৰকাশৰ ঘৰত পোনপটীয়াকৈ আক্ৰমণ কৰে। 

এই আক্ৰমণত ৫৪ বছৰীয়া সত্যপ্ৰকাশ, পত্নী কিৰণ ডুবে, দুগৰাকী কন্যা ছালনী আৰু নন্দিনী আৰু পুত্ৰ গান্ধীয়ে প্ৰাণ হেৰুৱাইছে। এই হত্যাকাণ্ডৰ পিছত গোটেই গাঁওখনত এক অশান্ত আৰু অস্থিৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে।  পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ লগে লগে গাঁওখনত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।

স্থানীয় আৰক্ষীৰ শীর্ষ বিষয়াই কয় যে, “ইতিমধ্যে এই ঘটনাৰ লগত জড়িত ২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।” ইয়াৰ উপৰিও এই গোচৰৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। কিন্তু শ্মশানৰ নিস্তব্ধতাই এতিয়াও সমগ্ৰ গাঁওখনতে  এক অসহনীয় পৰিৱেশৰ সৃষ্টি কৰিছে।”

ইতিমধ্যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ক্ষতিগ্ৰস্ত পৰিয়ালক সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ স্থানীয় প্ৰশাসনক নিৰ্দেশ দিছে। তদুপৰি মুখ্যমন্ত্রীৰ কার্যালয়ে ঘটনাৰ সম্যক তদন্ত আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।

লগতে পঢ়কঃ এতিয়াৰ ক্ৰিকেটাৰসকল যদি পঞ্চাশৰ দশকত জন্মিলেহেঁতেন কেনেকুৱা হ’লহেঁতেন চেহেৰা? চাওক ভাইৰেল ভিডিঅ’

লগতে পঢ়কঃ পুৰুষৰ এই গুণবোৰে সদায় সুখী কৰি ৰাখে পত্নীক, নাথাকে বিচ্ছেদৰ ভয় 

লগতে পঢ়কঃ চৰকাৰী শিক্ষানুষ্ঠানত শেষ গজাল মৰাত ব্যস্ত বিজেপি চৰকাৰ

Recent News

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd