• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰী শিক্ষানুষ্ঠানত শেষ গজাল মৰাত ব্যস্ত বিজেপি চৰকাৰ

 অনাশৈক্ষিক কামত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীক ব্যৱহাৰ কৰা বন্ধ কৰকঃ ডি ৱাই এফ আই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 2, 2023 8:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰী শিক্ষানুষ্ঠানসমূহত শিক্ষাদানৰ কাৰ্যসূচী বন্ধ কৰি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীক কেৱল চৰকাৰী অনাশৈক্ষিক কামত ব্যস্ত ৰখা কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ প্ৰতিবাদ কৰিছে।

ইয়াৰ মাজেৰে সংকটৰ গৰাহত থকা চৰকাৰী শিক্ষানুষ্ঠানত শেষ গজাল মৰাত ব্যস্ত হৈ বিজেপি চৰকাৰ।  শৈক্ষিক দিনপঞ্জীক সম্পূৰ্ণ একাষৰীয়া কৰি “অমৃত কলহ”, “অমৃত বৃক্ষ”, “এক তাৰিখ, এক ঘন্টা”, “ৰাষ্ট্ৰীয় কলা দিৱস”, বীৰগাথা দিৱস, ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আদি দিৱস উদযাপনৰ নামত যোৱা মাহত ২০ দিনেই শিক্ষক, ছাত্ৰ-ছাত্ৰীক ব্যস্ত ৰখা হৈছে। এইটো নক’লেও সহজেই অনুমেয়  যে চৰকাৰে নিজৰ ৰাজনৈতিক প্ৰভাৱ বিস্তাৰৰ বাবে চৰকাৰী শিক্ষানুষ্ঠানসমূহ বাছি লৈছে। আনকি বহু ঠাইত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ সভাতো ছাত্ৰী-ছাত্ৰীৰ উপস্থিতিৰে কৰা হৈছে। দেওবাৰে বন্ধৰ দিনতো শিক্ষকসকলক শিক্ষানুষ্ঠানত উপস্থিত থাকিবলৈ বাধ্য কৰোৱা হৈছে। এনে এক পৰ্যায় পাইছে যেচৰকাৰে শিক্ষকসকলক বন্ধা শ্ৰমিক অথবা কৃতদাসৰ দৰে ব্যৱহাৰ কৰিবলৈ লৈছে। ইয়াৰ ফলত চৰকাৰৰ আৰু শাসক বিজেপি দলৰ সামান্য ৰাজনৈতিক লাভে হ’লে ছাত্ৰ-ছাত্ৰীৰ বৃহৎ শৈক্ষিক ক্ষতি হৈছে। শিক্ষকসকল ভয়ংকৰ মানসিক নিৰ্যাতনৰ বলি হৈছে। আন এক চিন্তনীয় দিশ হৈছে এনে অনাশৈক্ষিক কামত ব্যস্ত থকাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ ফলাফল বেয়া হ’লে ইয়াৰ মূল্য শিক্ষকসকলে ভৰিব লাগিব।

Apply Now

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি যিসকল আমোলা বিষয়াৰ নেতৃত্বত চৰকাৰী শিক্ষানুষ্ঠানত অনাশৈক্ষিক কামৰ নিৰ্দেশনা জাৰি কৰা হৈছে তেওঁলোকৰ কোনো এজনৰে ল’ৰা-ছোৱালীয়ে চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ নহয়। আমোদজনক কথা হৈছে মুখ্যমন্ত্ৰীৰ চিন্তাপ্ৰসূত নিৰ্দেশ অনুসৰি চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অমৃত কলহ যাত্ৰাৰ নামত ৰাজপথত সমদল কৰি থকাৰ সময়তে মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন শিক্ষানুষ্ঠানখনত পূৰ্ণদমে শিক্ষাদান কাৰ্য চলি আছে। এনে কথাই প্ৰমাণ কৰে যে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰতি বিজেপি চৰকাৰখনৰ প্ৰকৃততে দৃষ্টিভংগী কি ? এফালে এনে কাৰ্যসূচী চলোৱাৰ সমান্তৰালকৈ ১১০০০ শিক্ষানুষ্ঠান বন্ধ কৰা, সময়মতে ইউনিফৰ্ম যোগান নধৰা, ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ বন্ধ কৰা, পৰ্যাপ্ত শিক্ষক নিযুক্তি নিদিয়া, শিক্ষকসকলৰ চাকৰি বেতন সুৰক্ষা নকৰাৰ মাজেৰে চৰকাৰী বিদ্যালয় বিৰোধী কাম – কাজ চলি আছে।

ডি ৱাই এফ আইয়ে স্পষ্ট অভিযোগ কৰে যে নিৰ্বাচনৰ প্ৰাকক্ষণত চৰকাৰে ৰাজনৈতিক লাভ বুটলিবলৈ “নতুন শিক্ষা নীতি-২০২০” আগ্ৰাসী ৰূপত ৰূপায়ণ কৰি  এনে নাভূত-নাশ্ৰুত কাণ্ড-কাৰখানা সংঘটিত কৰিছে।

এয়া আচলতে ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰাৰ বাবে বিজেপি চৰকাৰে লোৱা মুকলি প্ৰচেষ্টাৰ অংশ । চৰকাৰে এই শৈক্ষিক অৰাজকতা বন্ধ নকৰিলে চৰকাৰী শিক্ষা ব্যৱস্থাই যে  অধঃপতিত ৰূপ ল’ব সেয়া নিশ্চিত। চৰকাৰৰ এনে প্ৰচেষ্টা প্ৰতিহত কৰা খুবেই প্ৰয়োজন। ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিবাদ কৰিবলৈ  শিক্ষক সমাজৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ প্ৰতি ডি ৱাই এফ আইয়ে আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd