NORTHEAST NOW (Assamese)

অসমত আৰু পাঁচ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৮৮৯লৈ বৃদ্ধি

October 21, 2020 9:13 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

আৰু পাঁচগৰাকী ক’ভিড১৯ ৰোগীয়ে বুধবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৮৮৯লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— কামৰূপ মহানগৰৰ বিভূতি চৌধুৰী (৭৮) আৰু অঞ্জলি দাস (৫৭), নগাঁৱৰ সুৰেন্দ্ৰ নাথ বৰা (৭৮), গোলাঘাটৰ লক্ষী শইকীয়া (৬৮) আৰু মাজুলীৰ ধৰ্মেশ্বৰ বৰুৱা (৬৭)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

মঙলবাৰলৈকে অসমত ৮৮৪গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,৭৪,৪১১গৰাকী ব্যক্তিয়ে অসমত মঙলবাৰলৈকে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত মঙলবাৰে সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা আছিল ২৬,৭৭৫ (।)

মুঠ ২,০২,০৭৩গৰাকী ব্যক্তি অসমত মঙলবাৰলৈকে ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News