ৰাজ্যত দুমাহৰ ভিতৰত ১৫০০ আই চি য়ু বিচনাযুক্ত ৫ খন ক’ৰ’না চিকিৎসালয় নিৰ্মাণ কৰা হ’ব : হিমন্ত বিশ্ব শৰ্মা

conana

ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা ৰোগী সকলৰ চিকিৎসাৰ বাবে অসমত অতি শীঘ্ৰেই ৫ খন অস্থায়ী চিকিৎসালয় নিৰ্মাণ কৰা হ’ব বুলি আজি সংবাদমেলত ৰাজ্যিৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়।

এই চিকিৎসালয় সমূহ সম্পূৰ্ণ ক’ৰ’না ভাইৰাছৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হ’ব বুলিও মন্ত্ৰী শৰ্মাই কয়।

‘‘প্ৰতিখন চিকিৎসালয়ত প্ৰায় ৩০০ ক’ৰ’নাত আক্ৰান্ত হোৱা ৰোগীক চিকিৎসা প্ৰদান কৰিব পৰাৰ বাবে আই চি য়ু আৰু ভেণ্টিলেটৰ আদিৰ সম্পূৰ্ণ ব্যৱস্থা থাকিব। দুমাহৰ ভিতৰতে আমি এই চিকিৎসালয়ৰ নিৰ্মাণ সম্পূৰ্ণ কৰিম,’’ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে।

আনহাতে, বৰ্তমান গুৱাহাটী আৰু ডিব্ৰুগড় এই দুটা স্থান বাচনি কৰা হৈছে আৰু তিনিখন ঠাই শীঘ্ৰেই বাচনি কৰা হ’ব বুলিও তেওঁ জনায়।

তদুপৰি, নিৰ্মাণ কৰিবলগীয়া পাঁচখন চিকিৎসালয়ৰ ভিতৰত চাৰিখন চিকিৎসালয় সাংসদ, কৰ্মচাৰী পৰিষদ আদিয়ে বৰঙণি যোগোৱা ধনেৰে নিৰ্মাণ হ’ব বুলিও স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে জনায়।

‘‘প্ৰতিখন চিকিৎসালয় নিৰ্মাণ কৰোতে ৪০-৪৫ কোটি টকাৰ প্ৰয়োজন হ’ব,  এই চিকিৎসালয় সমূহ কোভিদ-১৯-ৰ চিকিৎসাৰ বাবে নিৰ্মাণ কৰা হ’ব। পৰৱৰ্তী সময়ত এই অস্থায়ী চিকিৎসালয় সমূহক সম্পূৰ্ণ চিকিৎসালয়লৈ উন্নীত কৰা হ’ব,’’ মন্ত্ৰী শৰ্মাৰ মন্তব্য।