NORTHEAST NOW (Assamese)

কৃষ্ণাইত পথ দুৰ্ঘটনা; পাঁচজন লোক গুৰুতৰভাৱে আহত, এগৰাকী যুৱতীৰ অৱস্থা সংকটজনক

February 17, 2020 3:23 pm · নীলমণি শৰ্মা
ফটো : নৰ্থ-ইষ্ট নাও

আজি ৰাতিপুৱা কৃষ্ণাইৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক পথ দুৰ্ঘটনাত পাঁচজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।কৃষ্ণাইৰ ডাব্‌লীত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো।

জানিব পৰা মতে, চিলঙৰ পৰা তুৰা অভিমুখে গৈ থকা এখন ছুইফ্ট ডিজেয়াৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই কালভাৰ্ট এটাত খুন্দা মাৰি পথৰ পৰা দ’ খাৱৈ এটাত বাগৰি পৰে।

ঘন কুঁৱলীৰ বাবে সংঘটিত হোৱা দুৰ্ঘটনাটোত তুৰালৈ গৈ থকা একেটা পৰিয়ালৰে চাৰিজন সদস্য সহ বাহনৰ চালকজন আঘাতপ্ৰাপ্ত হয়।

আহত সকল ক্ৰমে পেট্ৰেচিয়া চোৱাইন, কল্পে সিং চোৱাইন, পেনটেং চোৱাইন, ইৰাপ্লাং চোৱাইন আৰু চালক আইবাম চেলষ্টাৰ ইউৰিয়া।

আহত আটাইকেইজনকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছে। ইয়াৰে পেনটেং চোৱাইন নামৰ যুৱতী গৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ নম্বৰ ML 05S 1133।

Related News