NORTHEAST NOW (Assamese)

ট্ৰেক্টৰত খুন্দা মাৰি দ খাৱৈত পৰিল তীৰ্থযাত্ৰীৰ বাছ : মুম্বাইত নিহত ৫ পূণ্যাত্মা

July 16, 2024 12:01 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: July 16, 2024 10:48 am

মুম্বাই-পুনে এক্সপ্ৰেছৱেৰ সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা! ট্ৰেক্টৰত খুন্দা মাৰি খাৱৈত বাগৰি পৰিছে তীৰ্থযাত্ৰী কঢ়িয়াই অনা এখন বাছ।

এই ঘটনাত ৫ জন তীৰ্থযাত্ৰী নিহত হৈছে বুলি খবৰ প্ৰকাশ পাইছে। কমেও ৩০ জন তীৰ্থযাত্ৰী আহত হৈছে। আহত সকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোওৱা হৈছে।

সংবাদ সংস্থা এএনআইৰ তথ্য অনুসৰি বাছখনত মুঠ ৪২ গৰাকী তীৰ্থযাত্ৰী আছিল।

সোমবাৰে মাজনিশা সংঘটিত হয় এই দুৰ্ঘটনা। মুম্বাইৰ সমীপৰ ডম্বিভলীৰ পৰা পান্ধৰপুৰলৈ গৈ আছিল বাছখন। তেতিয়াই ঘটনাটো সংঘটিত হৈছিল।

মুম্বাই-পুনে এক্সপ্ৰেছৱে’ত ট্ৰেক্টৰৰ সৈতে মুখামুখি সংঘৰ্ষত বাছখন পথৰ কাষৰ খাৱৈত বাগৰি পৰে।

দুৰ্ঘটনাটোৰ তথ্য লাভ কৰি তাত উপস্থিত হয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল। ৫ জন ভক্তৰ থিতাতে মৃত্যু হয়।

আহত সকলোকে ক্ষীপ্ৰতাৰে উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

৩০ জন লোকক চিকিৎসাধীন হৈ আছে। জানিব পৰা  মতে, মৃত লোকসকল ভগৱান বিষ্ণুৰ ভক্ত আছিল। আছাদি একাদশী উদযাপন কৰিবলৈ গৈছিল তেওঁলোক।

Related News