NORTHEAST NOW (Assamese)

Quitting smoking: ধূমপান ত্যাগ কৰিব বিচাৰে নেকি? ধূমপান এৰাত আপোনাক সহায় কৰিব পৰা ৫ টা উপায় চাওক

June 17, 2022 2:53 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 17, 2022 2:56 pm

প্ৰথম চিগাৰেট সেৱন কৰাৰ পিছত বা আন যিকোনো ধঁপাতৰ প্ৰতি আগ্ৰহৰ ফলত নিকোটিনে সৃষ্টি কৰা তীব্ৰ নিৰ্ভৰশীলতাৰ বাবে ধূমপানৰ আগ্ৰহ শক্তিশালী হৈ পৰিব  পাৰে। কিন্তু ই এক স্বাস্থ্যৱান জীৱনৰ বাবে বিপজ্জনক কথা। চিগাৰেট সেৱনৰ ফলত হাওঁফাওঁৰ কেন্সাৰ, হৃদৰোগ, ষ্ট্ৰ’ক, এজমাকে ধৰি বিভিন্ন ৰোগ হ’ব পাৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ধঁপাতৰ ফলত প্ৰতি বছৰে প্ৰায় 8 নিযুত লোকৰ মৃত্যু হয় যাৰ ভিতৰত ১.২ নিযুত লোক নিষ্ক্ৰিয় ধূমপানৰ সংস্পৰ্শলৈ অহাৰ ফলত মৃত্যু মুখত পৰে।যদিহে আপুনি সঁচাকৈয়ে ধূমপান ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে তেন্তে আপুনি জানিব যে আপুনি সঠিক দিশত আগবাঢ়িছে।

আপোনাৰ এই সিদ্ধান্তক শক্তিশালী কৰি তুলিব পৰা কামবোৰৰ ভিতৰত কেইটামান হৈছে:

দৃঢ় সিদ্ধান্ত লওক

ধূমপান ত্যাগ কৰাৰ দিশত প্ৰথম পদক্ষেপটো হ’ল দৃঢ়ভাৱে সিদ্ধান্ত লোৱা যে আপুনি এয়া বিচাৰে। এটা ভাল কাৰণ বিচাৰি উলিয়াওক যিয়ে আপোনাৰ পৰিয়ালৰ লগতে আপোনাৰ চিন্তাও দূৰ কৰিব পাৰে। কিয়নো ধূমপান কেৱল ধূমপান কৰাজনৰ বাবেই ক্ষতিকাৰক নহয়, কিন্তু তেওঁৰ চাৰিওফালৰ লোকসকলৰ বাবেও ই ক্ষতিকাৰক।

নিকোটিনৰ সলনি আন কিবা বিবেচনা কৰক

আপোনাৰ জীৱনশৈলীৰ পৰা নিকোটিন হঠাতে প্ৰত্যাহাৰ কৰিলে মুৰৰ বিষৰ দৰে লক্ষণ দেখা দিব পাৰে। সেয়েহে, নিকোটিন গামৰ দৰে নিকোটিন ৰিপ্লেচমেণ্ট থেৰাপীয়ে এনে পৰিস্থিতিত সহায় কৰিব পাৰে।

আপোনাৰ প্ৰিয়জনৰ ওচৰত থাকক

আপুনি নিজৰ লক্ষ্যটোৰ বিষয়ে আপোনাৰ চাৰিওপিনৰ লোকসকলক কোৱাটোৱে এক বৃহৎ ভূমিকা পালন কৰিব কিয়নো আপুনি পথভ্ৰষ্ট হোৱা দেখিলে তেওঁলোকে আপোনাক লক্ষ্যৰ প্ৰতি উৎসাহিত আৰু সমৰ্থন কৰিব। আপুনি থেৰাপী লোৱাৰ কথাও বিবেচনা কৰিব পাৰে।

চেনিবিহীন গাম চোবাওক

যদি আপোনাৰ প্ৰতিটো আহাৰৰ পিছত ধূমপান কৰাৰ অভ্যাস আছে তেতিয়া চুইংগামৰ ওপৰত নিৰ্ভৰ কৰিলে সহায় হ’ব কিয়নো ই আপোনাক ধঁপাতৰ আকাংক্ষা প্ৰতিৰোধ কৰাত সহায় কৰিব। কেঁচা গাজৰ আৰু বাদাম খালে ধঁপাতৰ আগ্ৰহ নিয়ন্ত্ৰণত সহায়ক হ’ব পাৰে।

ব্যায়াম কৰা আৰম্ভ কৰক

ব্যায়াম কৰাটো ধঁপাতৰ নিচাৰ পৰা পৰিত্ৰাণ পোৱাৰ এটা ভাল উপায় হ’ব পাৰে কিয়নো ই সেইবোৰক আঁতৰাই ৰাখিব। আপুনি খোজ কঢ়া আৰু জগিং কৰাৰ দৰে সাধাৰণ ব্যায়ামেৰে আৰম্ভণি কৰিব পাৰে।

Related News