Encounter in Kashmir: দুটা পৃথক এনকাউন্টাৰত কাশ্মীৰত নিহত পাকিস্তানী-জইছ কমাণ্ডাৰসহ ৫ সন্ত্ৰাসবাদী

ENCOUNTER-5

প্রতিনিধিত্বমূলক ফটো।

কাশ্মীৰত বিগত ২৪ঘন্টাত দুটা পৃথক এনকাউন্টাৰত নিহত হৈছে ৫জনকৈ সন্ত্ৰাসবাদী। নিহত সন্ত্ৰাসবাদীসকলৰ মাজত আছে জইছ-ই-মহম্মদৰ কমাণ্ডাৰ জাহিদ ওৱানি আৰু এজন পাকিস্তানী সন্ত্ৰাসবাদী।

দেওবাৰে পুৱাই জম্মু-কাশ্মীৰৰ আৰক্ষীয়ে জানিবলৈ দিয়ে যে বিগত ২৪ ঘন্টাত পুলৱামা আৰু বদগাম জিলাত দুটা পৃথক এনকাউন্টাৰত পাকিস্তানে পোহপাল দিয়া সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ ৫জন সন্ত্ৰাসবাদীক গুলীয়াই নিহত কৰা হৈছে।

নিহত সন্ত্ৰাসবাদীৰ মাজত আছে জইছ-ই-মহম্মদৰ কমাণ্ডাৰ জাহিদ ওৱানি। লগতে নিহত হৈছে এজন পাকিস্তানী সন্ত্ৰাসবাদীও। তেওঁৰ পৰিচয় আৰক্ষীয়ে এতিয়ালৈকে প্ৰকাশ কৰা নাই।

লগতে পঢ়ক: ৰাজ্যসভালৈ হাগ্ৰামা মহিলাৰী! ভিত্তিহীন আখ্যা প্ৰমোদ বড়োৰ

আনহাতে, বাকী তিনিজন সন্ত্ৰাসবাদীৰ পৰিচয় এতিয়াও সদৰী কৰা হোৱা নাই। কাশ্মীৰ মণ্ডলৰ আৰক্ষীয়ে এই এনকাউন্টাৰক বৃহৎ সফলতা বুলি দাবী কৰিছে।

চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত শনিবাৰে দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ নায়ৰা অঞ্চলত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে যৌথ অভিযান চলায়। তালাচীৰ সময়ত সন্ত্ৰাসবাদীয়ে অভিযানকাৰী দললৈ গুলী চলোৱাত ইয়াৰ প্ৰত্যুত্তৰ দিয়ে বাহিনীয়ে।

সন্ধিয়া আৰম্ভ হোৱা সংঘৰ্ষ গোটেই নিশা চলে আৰু তাতেই চাৰিজন সন্ত্ৰাসবাদী নিহত হয়। তেওঁলোকৰ জিম্মাৰ পৰা বহু অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰা হৈছে। তালাচী অভিযানো অব্যাহত ৰখা হৈছে।

লগতে পঢ়ক: ৰাজ্যত সক্ৰিয় গৰুৰ চিণ্ডিকেট! মঙলদৈত অবৈধভাৱে সৰবৰাহ কৰা গৰুৰ সৈতে দুজনক গ্ৰেপ্তাৰ

ইপিনে, পুলৱামাত সংঘৰ্ষ চলি থকাৰ মাজতে নিশা মধ্য কাশ্মীৰৰ বদগাম জিলাৰ চাৰাৰ-ই-শ্বৰীফ অঞ্চলত আন এক এনকাউন্টাৰ চলে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে ইয়াত লস্কৰ-ই-তৈবাৰ এজন সন্ত্ৰাসবাদী নিহত হৈছে। সন্ত্ৰাসবাদীজনৰ জিম্মাৰ পৰা এটা একে-৫৬ৰাইফলো উদ্ধাৰ কৰা হৈছে।