• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টিভি চাই থাকোতে এটি পাঁচ বছৰীয়া শিশুৱে অজানিতে গিলিলে ১২৩ টা চুম্বকৰ বল, তাৰ পিছত…

এন ই নাও নিউজ by এন ই নাও নিউজ
November 6, 2020 5:15 pm
a mgnet ball
3.6k
VIEWS
Share on FacebookShare on Twitter

ভনীয়েকৰ সৈতে সেই সময়ত ৫ বছৰীয়া শিশুটি টিভি চোৱাত মগ্ন হৈ আছিল।

শিশুটি টিভিৰ মাজত এনেদৰে নিমগ্ন হৈ পৰিছিল যে চৌপাশৰ জগত খনত সেই সময়ত কি ঘটিছিল সেই কথালৈ শিশুটিৰ মুঠেও গুৰুত্ব নাছিল।

এনেদৰে একান্ত মনেৰে টিভি চাই থকা সময়তে শিশুটিয়ে হাতত তুলি লৈছিল টেবুলত সজাই থোৱা এডাল চুম্বকৰ বলৰ মালা। টিভি চাই চাইয়েই শিশুটিয়ে সেই মালাৰ পৰা এটা এটাকৈ চুম্বকৰ বল চিঙি মুখলৈ নিছিল আৰু নিজৰ অজানিতে সেয়া গিলি থৈছিল।

এনেদৰে ১২৩ টা চুম্বকৰ বল গিলি দিয়াৰ পিছত এটা বল শিশুটিৰ ডিঙিত লাগি ধৰিছিল।

তেতিয়াহে শিশুটি আৰু তেওঁৰ ভনীয়েকে ঘটনাৰ তত ধৰিব পাৰিছিল। চুম্বকৰ বল ডিঙিত লাগি ধৰাত ভনীয়েকে শিশুটিক পানী খাবলৈ দিছিল। সন্ধিয়া শিশুটিৰ মাক-দেউতাকে কামৰ পৰা উভতি অহাৰ পিছতে শিশুটিয়ে ভুলতে চুম্বকৰ এটা বলহে গিলি দিয়া বুলি কয়।

মাক-দেউতাকে লগে লগে শিশুটিক স্থানীয় চিকিৎসকৰ কাষলৈ নিয়াত চিকিৎসকে তেওঁক মেডিকেল কলেজলৈ নিয়াৰ পৰামৰ্শ দিয়ে।চীনৰ গুৱাংজু প্ৰদেশৰ শিশুটিক পিতৃ-মাতৃয়ে ততাতৈয়াকৈ গুৱাংজু মেডিকেল কলেজলৈ লৈ যায়।

মেডিকেল কলেজত শিশুটিৰ এক্সৰে কৰাৰ পিছতে তেওঁৰ পেটত বহু চুম্বকৰ বল থকা চিকিৎসকে দেখিবলৈ পায়।অলপো সময় নষ্ট নকৰি চিকিৎসকে শিশুটিৰ পেটৰ পৰা সেই বল উলিয়াই অনাৰ চেষ্টা চলায়।

লোৰ এখন সৰু জাল শিশুটিৰ পেটলৈ সুমুৱাই দি চুম্বকৰ বল বোৰ বাহিৰলৈ উলিয়াই অনাত সফল হয় চিকিৎসকসকল।

এনেদৰে শিশুটিৰ পেটৰ পৰা চিকিৎসকে মুঠ ১২৩ টা চুম্বকৰ বল বাহিৰ কৰিবলৈ সক্ষম হয়।চিকিৎসক ডাঃ চেন ৱাইনেই প্ৰকাশ কৰা মতে শিশুটি বৰ্তমান বিপদমুক্ত।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd