জাতিংগাৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল বিজেপিৰ সংগ এৰা ফ্লেমিঙৰ

Flamming Rupsi

উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ পৰিষদীয় নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে ফ্লেমিঙ ৰূপছিয়ে। ফটো : নৰ্থইষ্ট নাও

দ্বাদশ সংখ্যক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ বাবে আজি শতাধিক সমৰ্থক লৈ সহকাৰী ৰিটাৰ্নিঙ বিষয়াৰ ওচৰত নিজৰ মনোনয়ন দাখিল কৰে অলপতে বিজেপি দলৰ পৰা পদত্যাগ কৰা পৰিষদৰ ইএম ফ্লেমিঙ ৰূপছিয়ে।

আজি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিজৰ মনোনয়ন দাখিল কৰি সংবাদ মাধ্যমৰ আগত ফ্লেমিঙে কয় যে তেওঁ সমষ্টিবাসীৰ সৈতে আলোচনা কৰি বিজেপি দলৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লয়। ইয়াত অইন কোনো কাৰন নাই।

তেওঁ লগতে কয় যে জাতিংগা সমষ্টিৰ পৰা তেওঁৰ বিজয় নিশ্চিত। বিজেপি, অগপ, কংগ্ৰেছ কোনো দলই তেওঁৰ কাৰনে ফেক্টৰ নহয় বুলি উল্লেখ কৰি তেওঁ জাতিংগাৰ অধিকাংশ ভোটাৰ ৰাইজ তেওঁৰ সপক্ষে আছে বুলি দাবী কৰে।

ফ্লেমিঙে লগতে উল্লেখ কৰে যে তেওঁৰ প্ৰথম অগ্ৰাধিকাৰ নিজৰ সমষ্টিৰ ৰাইজৰ উন্নয়ন আৰু তাৰ পাছতহে দল। কিয়নো ২০১৩ চনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে জয়লাভ কৰি পৰবৰ্তী সময়ত বিজেপি দলত যোগ দিব লগা হৈছিল। যি পাৰ্বত্য পৰিষদৰ এক অনন্য পৰম্পৰা।

আনহাতে, তেওঁ কয় যে কোনোবাই যদি নিৰ্বাচন খেলাৰ বাবে হঠাতে সিদ্ধান্ত লয় সেয়া কেতিয়াও সফল নহয়। কিয়নো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো কোনো খেল ধেমালি নহয়। তেওঁ পাঁচ বছৰ নিজৰ এলেকাৰ উন্নয়নৰ উপৰি ৰাইজৰ সুখ দুখত সমভাগী হৈ থকাৰ বাবেই এইবাৰো জাতিংগাৰ ৰাইজে তেওঁক দ্বিতীয় বাৰলৈ জয়যুক্ত কৰিব বুলি জানিবলৈ দিয়ে।

ফ্লেমিঙে লগতে স্পষ্ট কৰি দিয়ে যে তেওঁৰ বিজেপি এৰাৰ আঁৰত বেলেগ কোনো ৰাজনৈতিক কাৰন নাই। অকল সমষ্টিবাসীৰ আহ্বানত গেৰুৱা দলৰ সংগ ত্যাগ কৰি নিৰ্দলীয় হিচাপে মনোনয়ন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি তেওঁ কয়।

উল্লেখযোগ্য যে কাইলৈৰ পৰা পাৰ্বত্য জিলাৰ ৰাজনীতি উত্তপ্ত হৈ পৰাৰ সম্ভাৱনা আছে। কিয়নো কাইলৈ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিতকুমাৰ দাস আৰু পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ মন্ত্ৰী চুম ৰংহাঙৰ উপস্থিতিত বিজেপি দলৰ প্ৰাৰ্থী তালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব।