কালান্তক বান : সাহায্যৰ নামত অসমক কেৱল প্ৰতাৰণা কেন্দ্ৰৰ, দল-সংগঠনৰ ৰহস্যজনক মৌনতা

বান সাহায্যৰ নামত চলিত বৰ্ষত অসমক মাত্ৰ ৩৮৬ কোটি টকা প্ৰদান কেন্দ্ৰৰ

911437-representational-image

প্ৰতিনিধিত্বমূলক ফ'টো

ৰাজ্যৰ ২৩ খন জিলাত বানে সংহাৰ চলাইছে।

এতিয়ালৈকে বানত প্ৰাণহানি ঘটিছে ২৭ জন লোকৰ।

উজনি-নামনি সকলোতে বাজিছে মৃত্যুৰ দামামা।ইমানৰ পিছতো যেন গা লৰা নাই চৰকাৰৰ।

ক’ৰ’নাতংকৰ সুযোগলৈ চৰকাৰে যেন বন্যাক্ৰান্তৰ কথা পাহৰি গৈছে।

অসম চৰকাৰৰ বিয়াগোম মন্ত্ৰীসকলে বন্যাক্ৰান্তৰ কথা পাহৰি যোৱাৰ দৰেই কেন্দ্ৰীয় চৰকাৰেও অসমৰ বানপীড়িতৰ প্ৰতি পিঠি দিয়া দেখা গৈছে।

বান সাহায্যৰ নামত কেন্দ্ৰীয় চৰকাৰে বিগত দিন বোৰত অসমক কেৱল প্ৰতাৰণাৰ বাদে আন একো দিয়া নাই।

২০১৭-১৮ বৰ্ষত অসমত বানে কালান্তক ‌ৰূপ ধাৰণ কৰাৰ সময়তো কেন্দ্ৰই অসমৰ প্ৰতি চকু দিয়া নাছিল।

এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই ।২০১৪ চনত অসম চৰকাৰে কেন্দ্ৰক বান সাহায্যৰ নামত বিচাৰিছিল ৯৩৭০ কোটি টকা।

কিন্ত ইয়াৰ বিপৰীতে কেন্দ্ৰই অসমক দিছিল মাত্ৰ ২৮৮.৬ কোটি টকা। ২০১৫ চলত অসম চৰকাৰে বিচাৰিছিল অতিৰিক্ত ২১০০ কোটি টকা। সেইবাৰো কেন্দ্ৰই অসমক দিছিল মাত্ৰ ৪১৪ কোটি টকা।

২০১৬ বৰ্ষত অসমে বিচাৰিছিল ৫০৩৮ কোটি টকা, কিন্ত পাইছিল মাত্ৰ ৪৩৪.৭০ কোটি টকা।

২০১৭-১৮ বৰ্ষত অসমে পাইছিল ৪৫৬ কোটি টকা। এইবাৰ অসমে লাভ কৰিছে তাতোকৈয়ো কম ধন।

২০২০ চনত অসমে বান সাহায্যৰ নামত লাভ কৰিছে মাত্ৰ ৩৮৬ কোটি টকা।

যিটো সময়ত কেন্দ্ৰই আম্ফান ধুমুহাত বিধ্বস্ত পশ্চিমবংগক ১০০০ কোটি টকা সাহায্য হিচাবে আগবঢ়াইছে সেই সময়ত পিছে অসমক বান সাহায্যৰ নামত দিছে ৩৮৬ কোটি টকাহে।

অথচ আম্ফানৰ তুলনাত অসমৰ বানো কম বিধ্বংসী নহয়। কেন্দ্ৰৰ এনে বৈষ্যমৰ নীতিয়ে এতিয়া সকলোকে ভবাই তুলিছে।

অসমৰ বিভিন্ন দল-সংগঠনে এই বিষয়ত অৱলম্বন কৰা মৌনতায়ো সকলোকে ভবাই তুলিছে।