Assam flood ক্ৰমাৎ উন্নত হৈছে বঙাইগাঁও জিলাৰ বান পৰিস্থিতি

১৬৭ খনৰ পৰা ৮০ খনলৈ হ্ৰাস বানৰ কবলত থকা গাঁৱৰ সংখ্যা

ক্ৰমাৎ উন্নত হৈছে বঙাইগাঁও জিলাৰ বান পৰিস্থিতি। বুধবাৰে জিলাখনৰ বানৰ কবলত থকা গাঁৱৰ সংখ্যা ৮০ খনলৈ হ্ৰাস পাইছে ৷ মঙলবাৰে জিলাখনৰ ১৬৭ খন গাঁও বানৰ কবলত আছিল। বানাক্ৰান্ত গাঁওসমূহৰ মুঠ ৭৪,৫৪২ গৰাকী লোকৰ বাবে জিলা প্ৰশাসনে খাদ্য সামগ্ৰী,অন্যান্য সহায়ক সামগ্ৰী প্ৰদান, চিকিৎসা ব্যৱস্থা আদি অব্যাহত ৰাখিছে।

জিলা উপায়ুক্ত নবদ্বীপ পাঠকৰ তৎপৰতাত জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰী, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ লোক, ৰাজহ চক্ৰ কাৰ্যালয়ৰ লোক, যোগান বিভাগৰ লোক, স্বাস্থ্য বিভাগৰ লোক, লোকনিৰ্মাণ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ আদিয়ে বানাক্ৰান্ত লোকসকলৰ বাবে সকলো ধৰণৰ সহায়-সাহায্য প্ৰদান কৰি আছে।

জিলা উপায়ুক্তগৰাকীয়ে সকলো বানাক্ৰান্ত এলেকাত নিজে গৈ বন্যাৰ্তৰ সমস্যাৰ বুজ লৈ আছে। আনহাতে বুধবাৰেও মাণিকপুৰত ৩ টা, বইটামাৰীত ২টা আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰত ১০ টা(মুঠ ১৫টা) আশ্ৰয় শিবিৰত ৪,৪৭৯গৰাকী লোকে আশ্ৰয় লৈ আছে।

ইয়াৰে ভিতৰত ১,২২৩ টি শিশু আৰু ৭৭ গৰাকী গৰ্ভৱতী মহিলা আৰু মাতৃদুগ্ধ পান কৰি থকা শিশুৰ মাতৃও আছে। ইপিনে ১৬টা সাহায্য বিতৰণ কেন্দ্ৰযোগে বন্যাৰ্তসকলৰ মাজত সাহায্য বিতৰণ কৰা হয়। সেইদৰে ১৬টা চিকিৎসা সেৱাৰ দলে বানাক্ৰান্তসকলক চিকিৎসা সেৱা আগবঢ়াই আছে। বুধবাৰৰ দিনটোত বানাক্ৰান্ত লোকসকলৰ মাজত ১৬৪.০৪ কুইন্টল চাউল, ৩১.৫২ কুইন্টল দাইলৰ, ৯.৪৪ কুইন্টল নিমখ , ৩২০.১০ লিটাৰ মিঠাতেল আৰু শিশুখাদ্য বিতৰণ কৰা হয়। ইয়াৰ উপৰিও মাডাৰ হৰলিক্স, বিস্কুট, আমূল টাজা গাখীৰ আদিও দিয়া হৈছে।

আনহাতে খাদ্য সামগ্ৰীৰ উপৰিও ব্লিচিং পাউদাৰ, হেলোজেন টেবলেট, ফেনাইল, হেণ্ড টিউবেল, ত্ৰিপাল, মহখেদা ধূপ, চেনিটাৰী নেপকিন, ডাষ্টবিন আদিও বানাক্ৰান্ত লোকসকলক যোগান ধৰা হৈছে। উল্লেখ্য যে মঙলবাৰে জিলা প্ৰশাসনৰ তৰফৰ পৰা সাহায্য সামগ্ৰী হিচাপে ১২৩৭.৫২ কুইন্টল চাউল ,২৩৩.৫৭ কুইন্টল দাইল , ৭০.০১ কুইন্টল নিমখ আৰু ২১৩৫.০৪ লিটাৰ মিঠাতেল বিতৰণ কৰা হৈছিল ৷