অসমৰ বান পৰিস্থিতি উদ্বেগজনক; ৰাজ্যৰ ৩০ খন জিলাত ক্ষতিগ্ৰস্ত প্ৰায় ২৪.৫০ লাখ লোক

ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীো বান। ফটোঃ নৰ্থইষ্ট নাও।

অসমৰ বান পৰিস্থিতি আজিও সংকটজনক হৈয়েই আছে। ৰাজ্যখনৰ ৩০খন জিলাত ২৪.৫০ লাখৰো অধিক লোক বানপানীৰ কবলত পৰিছে। বিভিন্ন স্থানত প্ৰধান নদীসমূহ বিপদৰ সীমাৰ ওপৰেৰে বৈ আছে। চলিত বৰ্ষৰ বানত এতিয়ালৈকে ৫২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ভূমিস্খলন আৰু ধুমুহাৰ ফলত আন ১২ জন লোকে প্ৰাণ হেৰুৱাইছে।

শুকুৰবাৰে বানত বিস্তৰভাৱে ক্ষতিগ্ৰস্ত ডিব্ৰুগড় জিলাৰ পৰা উভতি অহাৰ পিছত সন্ধিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু ৰাজ্যখনৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে ”ডিব্ৰুগড়ৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰাৰ পিছত আমি স্বাস্থ্য আৰ্থিক সাহায্য আঁচনি অসম আৰোগ্য নিধিকে ধৰি কেইবাটাও বিষয় পৰ্যালোচনা কৰিলোঁ।’

লগতে পঢ়কঃ “আগষ্টৰ ভিতৰত পতন হ’ব মোডী চৰকাৰৰ”, লালু প্ৰসাদ যাদৱৰ বিস্ফোৰক দাবী

বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰাৰ পাছত তেওঁলোকৰ সমস্যা সমাধানৰ বাবে বিষয়াসকললৈ জৰুৰী বাৰ্তা প্ৰেৰণ কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

বিশুদ্ধ খোৱাপানীৰ যোগানৰ সন্দৰ্ভত তেওঁ কয় যে বানপানীয়ে সমগ্ৰ ৰাজ্যতে যথেষ্ট ক্ষতিসাধন কৰিছে যদিও ‘জল জীৱন মিছন’ আঁচনিখনে ”এই কঠিন সময়ত যথেষ্ট সকাহ দিছে।

বানপানীৰ ফলত ক্ষতিগ্ৰস্ত জিলাসমূহৰ ভিতৰত কাছাৰ, কামৰূপ, হাইলাকান্দি, হোজাই, ধুবুৰী, নগাঁও, মৰিগাঁও, গোৱালপাৰা, বৰপেটা, ডিব্ৰুগড়, নলবাৰী, ধেমাজি, বঙাইগাঁও, লখিমপুৰ, যোৰহাট, শোণিতপুৰ, কোকৰাঝাৰ, কৰিমগঞ্জ, দক্ষিণ ছালমাৰা, দৰং আৰু তিনিচুকীয়া অন্যতম।

লগতে পঢ়কঃ ত্ৰিপুৰাত শিক্ষাৰ্থীৰ মাজত HIV সংকট; ৪৭ জনৰ মৃত্যু, ৮২৮ গৰাকী পজিটিভ

ৰাজ্যৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলাৰ ভিতৰত ধুবুৰীত ৭,৭৫,৭২১, দৰঙত ১,৮৬,১০৮, কাছাৰত ১,৭৫,২৩১, বৰপেটাত ১,৩৯,৩৯৯ আৰু মৰিগাঁওত ১,৪৬,০৪৫ লোক ক্ষতিগ্ৰস্ত হৈছে।

মুঠতে ৪৭,১০৩ জন বানাক্ৰান্ত লোকে ৬১২ টা শিবিৰত আশ্ৰয় লোৱাৰ বিপৰীতে আন শিবিৰত থকা ৪,১৮,৬১৪ জন লোকক সাহায্য সামগ্ৰী প্ৰদান কৰা হৈছে।

আনহাতে, কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য আৰু ডিব্ৰুগড় এই  তিনিখন জিলাৰ নগৰ অঞ্চলো বানপানীৰ কবলত পৰিছে।

বাতৰি অনুসৰি, নিমাতীঘাট, গুৱাহাটী, গোৱালপাৰা আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ বিপদৰ সীমাৰ ওপৰেৰে বৈ আছে ।

লগতে পঢ়কঃ ইৰাণৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত সংস্কাৰপন্থী মাছুদ পেজেস্কিয়ান

সেইদৰে, ইয়াৰ উপনৈ চেনিমাৰীত বুঢ়ী দিহিং, শিৱসাগৰৰ দিখৌ, নাংলামুৰঘাটত দিছাং, নুমলীগড়ত ধনশিৰি, এন টি ৰোড ক্ৰছিঙত জিয়া ভৰালী আৰু কামপুৰ আৰু ধৰমতুলত কপিলীও বিপদৰ সীমাৰ ওপৰেৰে বৈ আছে।

বানপানীৰ ফলত ক্ষতিগ্ৰস্ত আন্তঃগাঁথনিসমূহৰ ভিতৰত ২২৫টা পথ আৰু ১০খন দলং ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।