গোলাঘাটত ধনশিৰি নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে ৪শ ফুট দীঘল বাঁহৰ দলং 

gola ghatt

গোলাঘাট নুমলীগড় সমীপৰ ধনশিৰী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে ৪০০ ফুট  দীঘল বাঁহৰ দলং ।

যাতায়াতৰ একমাত্ৰ ভৰসা এই দলং খন বানে উটুৱাই নিয়াত এতিয়া যোগাযোগ বিছিন্ন হৈ পৰিছে  সৰুপথাৰ আৰু খুমটাই সমষ্টিৰ ৰ বহু গাঁও ।

নুমলীগড় সমীপৰ অঞ্চলত ৪ মাহ পূৰ্বে  ধনশিৰী নৈ ৰ ওপৰত  বৰচাপৰি আৰু ঠেঙাল পাৰঘাট অঞ্চলৰ গাঁও বাসী সকলে নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ  কৰিছিল এই বাঁহৰ দলংখন  ।

দলং খনে  বৃহৎ সৰুপথাৰ আৰু খুমটাই সমষ্টিৰ লোকসকলক  সংযোগ স্থাপন  কৰি যাতায়াতৰ পথো সুচল কৰি তুলিছিল  ।

যদিও যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ধনশিৰী ৰ জলপৃষ্ঠ উফন্দি উঠে আৰু ধনশিৰীৰ বাঢ়নী পানীয়ে দলং খন চিঙি নিয়াৰ ফলত এতিয়া  যোগাযোগ বিছিন্ন হৈ পৰিছে সমষ্টি দুটাৰ বহু গাঁওৰ শ শ মানুহৰ ।

ফলত মূৰে কপালে হাত দিব লগা হৈছে গাঁও বাসীয়ে  ।এতিয়া  চৰকাৰ তথা স্থানীয় বিধায়ক সকললৈ গাওঁ বাসীৰ আহ্বান যে , অতি সোনকালে যাতে এই দুয়োটা সমষ্টিৰ  মাজত পুনৰ সংযোগ হোৱাকৈ দলং খন পুনৰ নিৰ্মাণ কৰি দিয়ে।