NORTHEAST NOW (Assamese)

বানপানীৰ কবলত বোকাখাতৰ ৫৩ খন গাঁও; ৬২ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত

July 21, 2020 6:25 pm · উত্তম শইকীয়া
ফটো-নৰ্থ-ইষ্ট নাও

উজনি অসমত আজি দিনৰ ভাগত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ কিছু পৰিমাণে হ্ৰাস পোৱাৰ বিপৰীতে বোকাখাতৰ ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ কোনোধৰণৰ পৰিবৰ্তন হোৱা নায়।

ইয়াৰ ফলত বোকাখাত মহকুমাৰ নতুন নতুন অঞ্চল প্লাৱিত হৈছে ৷ বানপানীত বোকাখাত মহকুমাৰ প্ৰায় ৬২,৯০০ ৰো অধিক লোক প্ৰভাৱিত হৈছে বুলি বোকাখাত মহকুমা প্ৰশাসনে জনাইছে ৷

বানাক্ৰান্ত লোকৰ আশ্ৰয়ৰ বাবে মহকুমাটোত মুঠ ১৪ টা আশ্ৰয় শিৱিৰ স্থাপন কৰিছে জিলা প্ৰশাসনে ৷

ৰাজ্যত হোৱা দ্বিতীয়টো বানত বোকাখাত মহকুমাৰ মহুৰা মৌজাৰ ১১ খন গাঁও, বোকাখাত মৌজাৰ ১৩ খন গাঁও আৰু কাজিৰঙা মৌজাৰ ২৯ খন গাঁও জলমগ্ন হোৱাৰ বিপৰীতে মহকুমাটোৰ ১২৮৭ হেক্টৰ কৃষি ভূমি  ক্ষতিগ্ৰস্ত হৈছে ৷

এই বানপানীৰ ফলত মহকুমাটোৰ কান্দুলিমাৰী গাঁৱৰ যুৱক বাবু খেৰীয়া আৰু মদেশ্বৰ দলে কৰুণ মৃত্যুক আকোৱালি ল’বলগীয়া হৈছে। ইয়াৰ বিপৰীতে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বল আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বলৰ ৪ টা গোটে সক্ৰিয়তাৰে মহকুমাটোৰ বিভিন্ন প্ৰান্তৰত মুঠ ২৮৬ জন লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে বুলি মহকুমা প্ৰশাসনে জনাইছে।

বান্যাৰ্ত লোকৰ সহায়ৰ বাবে মুঠ ২১ টা  সাহায্য বিতৰণ শিবিৰ স্থাপন কৰি খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন সমগ্ৰীৰো যোগান ধৰিছে মহকুমা প্ৰশাসনে ৷

১৪ টা আশ্ৰয় শিৱিৰত শৰণাৰ্থীৰ সুবিধাৰ্থে ১৮ টা অস্থায়ী শৌচাগাৰো  নিৰ্মাণ কৰা হৈছে ইয়াৰ উপৰিও বানাক্ৰান্ত এলেকাত নতুনকৈ ২৮ টা দমকল স্থাপন কৰাৰ লগতে ৩৬ টা দমকলৰ মেৰামতি কৰিছে প্ৰশাসনে। সকলোবোৰ আশ্ৰয় শিবিৰ চেনিটাইজ কৰাৰ লগতে ৰাইজৰ মাজত এতিয়ালৈকে মুঠ  ২.২৫০ টা কেমিকেলৰ পেকেট, ২৩,০০০ টা ব্লিচিং পাউদাৰৰ পেকেট, ১,২০,০০০ টা হেলজেন টেবলেট বিতৰণ কৰাৰ উপৰিও বানপানীৰ এলেকাত ৫৭,০০০ লিটাৰ খোৱাপানী যোগান ধৰিছে বুলি মহকুমা প্ৰশাসনে জানিবলৈ দিছে ৷

বান বিধ্বস্ত অঞ্চলবোৰত জনসাধাৰণৰ সুবিধাৰ বাবে ২০ টা চিকিৎসা শিৱিৰ আৰু ৪ টা পশু চিকিৎসা শিৱিৰৰো ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে।

Related News