আহিনমহীয়া বানৰ কবলত টীয়কৰ জাঁজীমুখ, জলবন্দী গঞা

Scr

 পুনৰ ব্ৰহ্মপুত্ৰৰ আবতৰীয়া বানে যোৰহাট জিলাৰ টীয়ক ৰাজহ চক্ৰৰ অধীনৰ জাঁজীমুখত সৃষ্টি কৰিছে অৱৰ্ণনীয় অৱস্থা।

আজি বিয়লিৰ পৰা নৈ কাষৰীয়া অঞ্চলত পানী দ্ৰুত হাৰত বঢ়া দেখা গৈছে l

বাঢ়নী পানীয়ে জাঁজীমুখৰ জপংগাওঁ, মিলি গাঁও,বৰ মঠাউৰি আদিকে ধৰি প্ৰায় ২০/৩০খন গাঁও  বুৰাই পেলাইছে।

 ফলত এক দুৰ্বিসহ জীৱন কটাব লগা হৈছে অঞ্চলবাসীয়ে।

নৈপৰীয়া এই অঞ্চলটোৰ বহু গাঁও পানীৰ তলত আৰু লাহে লাহে যোগাযোগ বিচ্ছিন্ন হৈ আহিছে বহিঃজগতৰে৷

অঞ্চলটোৰ নিৰাপদ স্থানলৈ পশুধন সমূহক লৈ ঢাপলি মেলিছে পশুপালক সকলে৷

বৃহত্তৰ অঞ্চলটোৰ বিদ্যালয়, নামঘৰকে আদি কৰি বিভিন্ন সামাজিক অনুষ্ঠান বৰ্তমান পানীৰ তলত আছে বুলি জানিব পৰা গৈছে৷

এনেদৰে পানী বাঢ়ি থাকিলে পৰিস্থিতি যে অনাগত কেইঘন্টামানতে  আৰু অধিক ভয়াৱহ হ’ব  সেয়া নিশ্চিত ৷