NORTHEAST NOW (Assamese)

বানপানীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাপক ক্ষতিসাধন; ১০টা এশিঙীয়া গঁড়কে ধৰি ২০০ টা বন্যপ্ৰাণীৰ মৃত্যু

July 15, 2024 12:00 pm · এন ই নাও নিউজ, গুৱাহাটী

যদিও অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে, তথাপিও বিলুপ্তপ্ৰায় এশিঙীয়া গঁড়ৰ বাবে বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু সংৰক্ষিত বনাঞ্চলৰ এটা অংশ আৰু ৪৬টা নিৰীক্ষণ শিবিৰ এতিয়াও পানীৰ তলত আছে। সোমবাৰে বন কৰ্তৃপক্ষৰ এক বিবৃতিত কোৱা হৈছে যে বৰ্তমানৰ বানত ১০টা গঁড়কে ধৰি ২০০টা জীৱ-জন্তুৰ মৃত্যু হৈছে। যিটোক বৃহৎ লোকচান বুলি বৰ্ণনা কৰা হৈছে।

যোৱা মে’ মাহৰ পৰা ধাৰাসাৰ বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰ আৰু অন্যান্য নদীৰ পানীয়ে অসমৰ একাংশ বুৰাই পেলাইছে। লাখ লাখ লোকে কম-বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে। ১৩০০ বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত কাজিৰঙা দেশৰ অন্যতম বৃহৎ আৰু সুন্দৰ ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ভ্ৰমণ কৰিবলৈ সমগ্ৰ বিশ্বৰ পৰা পৰ্যটক আহে।

এই অৰণ্যৰ অন্যতম উত্তম আকৰ্ষণ হ’ল বিলুপ্তপ্ৰায় এশিঙীয়া গঁড়।ৰাষ্ট্ৰীয় উদ্যানখনত ২৬০০ৰো অধিক এশিঙীয়া গঁড় আছে। কাজিৰঙাত বিশ্বৰ ভিতৰতে সৰ্বাধিক এশিঙীয়া গঁড় আছে। গঁড়ৰ বাহিৰেও ইয়াত ১৩৫টা বাঘ আছে।

তথ্য অনুসৰি অসমত বানপানীৰ ফলত বিগত ৮ বছৰত ৮৫টা গঁড়ৰ মৃত্যু হৈছে। ২০১৭ চনত সৰ্বাধিক ২৪টা গঁড়ৰ মৃত্যু হৈছিল। কৰ্তৃপক্ষই জনোৱা মতে, বানপানীৰ পানীয়ে উটুৱাই নিয়াৰ পৰা ১৪৩টা বন্যপ্ৰাণী উদ্ধাৰ কৰা হৈছে। ইয়াৰে ১২৩টাক বনাঞ্চললৈ এৰি দিয়া হৈছে। চিকিৎসাৰ সময়ত ২টা গঁড়কে ধৰি ৬টা জীৱ-জন্তুৰ মৃত্যু হয়। চিকিৎসা শিবিৰত  ১৪টা হৰিণৰো মৃত্যু হয়।

Related News