NORTHEAST NOW (Assamese)

গুৱাহাটী-ডিব্ৰুগড় আৰু গুৱাহাটী-শিলচৰ সংযোগী পথত দৈনিক চলিব বিমান: ফ্লাইবিগৰ সৈতে স্বাক্ষৰ চুক্তি

March 25, 2023 5:28 pm · এন ই নাও নিউজ, গুৱাহাটী

এতিয়াৰ পৰা গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটী আৰু গুৱাহাটী-শিলচৰ-গুৱাহাটী পথত দৈনিক চলাচল কৰিব বিমান। ফ্লাইবিগ বিমান সংস্থাই এই বিমান সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে অসম চৰকাৰৰ সৈতে আজি বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।

আজি দিছপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ হৈ অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক কুমাৰ পদ্ম পানী বৰা আৰু ফ্লাইবিগৰ সঞ্চালক সঞ্জয় নটাবৰলাল মাণ্ডৱ্যই চুক্তিত স্বাক্ষৰ কৰে।

কেন্দ্রৰ UDAN আঁচনিৰ সৈতে সংগতি ৰাখি ৰাজ্যত এই বিমান সেৱা আৰম্ভ কৰা হ’ব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ফ্লাইবিগৰ সৈতে এই বুজাবুজিৰ চুক্তিৰ অধীনত দৈনিক কেইবাখনো বিমান সেৱা বৃদ্ধি কৰা হ’ব বুলি মন্তব্য কৰে।

তেওঁ লগতে এই বুজাবুজিৰ চুক্তিয়ে ৰাজ্যৰ আভ্যন্তৰীণ বিমান পৰিবহণত এক নতুন গতি সংযোগ কৰিব বুলিও উল্লেখ কৰে। এই চুক্তিত যাত্ৰীৰ ক্ষেত্ৰত সৰ্বোচ্চ মূল্য ৪০০০ টকা নিৰ্ধাৰণ কৰা হৈছে।

এই নতুন বিমান সেৱাই ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰ আৰু শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত নতুন গতি সংযোজন কৰিব বুলি উল্লেখ কৰা হৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে ৰাজ্য চৰকাৰে যোৰহাট, তেজপুৰ আদি চহৰতো একে ধৰণৰ বিমান সেৱা সংযোগ কৰাৰ সম্ভাৱনীয়তাৰ বিষয়ে চিন্তা-চৰ্চা কৰি আছে বুলি সদৰী কৰিছে।

তেওঁ লগতে এই পদক্ষেপ ৰাজ্য চৰকাৰৰ বাজেট প্ৰস্তাৱৰ ভিতৰত অন্যতম বাবে এই প্ৰস্তাৱ পূৰণ কৰি সুখী অনুভৱ কৰিছে বুলিও মন্তব্য কৰে আৰু বিমান সেৱাৰ সুবিধাৰ বাবে আগবাঢ়ি অহাৰ বাবে ফ্লাইবিগক ধন্যবাদ জনায়।

Related News