NORTHEAST NOW (Assamese)

ধুবুৰীত দ্ৰুতবেগী চিলনী চোৰৰ চিকাৰ হ’ল বি এছ এফৰ জোৱান

June 14, 2019 8:38 pm · এন ই নাও নিউজ
Updated: June 14, 2019 8:46 pm
চিলনী চোৰৰ কবলত পৰা বি এছ এফৰ জোৱানগৰাকী। ফটো উৎস- ইণ্টাৰেট

ধুবুৰীত শুকুৰবাৰে এগৰাকী সীমা সুৰক্ষা বাহিনীৰ জোৱানৰ হাতৰ পৰা চিলনী চোৰে নগদ দুই লাখ টকা কৌশলেৰে লুটি লৈ যোৱাক কেন্দ্ৰ কৰি সমগ্ৰ ধুবুৰী চহৰত চাঞ্চল্যৰ সৃষ্টি হয়।

ঘটনাৰ বিৱৰণী অনুসৰি, ধুবুৰীৰ গৌৰীপুৰৰ মাটিয়াবাগৰ বাসিন্দা বি এছ এফত কৰ্মৰত জোৱান চানোৱাৰ হুছেইনে আজি দিনৰ ভাগত কিছু ব্যক্তিগত কামত বেংকৰ পৰা দুই লাখ টকা উলিয়াইছিল।  বেংকৰ পৰা উলিওৱা টকাখিনি এখন বেগত ভৰাই ধুবুৰী জিলা অধীক্ষকৰ কাৰ্য্যালয়ৰ সন্মুখেৰে আহি থকা সময়তে হঠাৎ পিছফালৰ পৰা আহি কোনোবাই তেওঁৰ গাত বান্দৰ কেঁকোৱা চটিয়াই দিয়ে আৰু জোৱানগৰাকীৰ অন্যমনস্কতাৰ সুযোগ লৈ টকাভৰ্তি বেগখন লৈ উধাও হয়।

চানোৱাৰ হুছেইনে চুৰি কাৰ্য্য সংঘটিত হোৱাৰ পাছত চিঞৰ বাখৰ কৰে যদিও ক্ষীপ্ৰবেগী চিলনী চোৰ তেতিয়ালৈ অন্তৰ্ধান হৈছিল। হুছেইন ৰাজস্থানৰ ৫৭ বি এন বি এছ এফত কৰ্মৰত হৈ আছে, তেওঁ ছুটীৰ সময়ত ঘৰলৈ আহি কিছু ঘৰুৱা কাম-কাজ আগবঢ়াই থৈ যাবৰ বাবে টকাখিনি উলিয়াইছিল।

আনহাতে, এনেদৰে চিলনী চোৰে টকাখিনি লৈ পলাই যোৱাত জোৱানগৰাকী অসহায় হৈ পৰিছে। তেওঁ সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে ধুবুৰী সদৰ আৰক্ষীৰ থানাত এখন এজাহাৰ দাখিল কৰিছে।

ধুবুৰী আৰক্ষীয়ে চিলনী চোৰক বিচাৰি তীব্ৰ অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই চতুৰ চিলনী চোৰৰ।

স্থানীয় ৰাইজে দিন-দুপৰত এনেদৰে চহৰৰ মাজমজিয়াত স্বয়ং জিলা অধীক্ষকৰ কাৰ্য্যালয়ৰ সন্মুখত সংঘটিত হোৱা চুৰি কাৰ্য্যৰ ফলত চৰম নিৰাপত্তাহীনতাত ভূগিবলগীয়া হৈছে।

Related News