• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমগ্ৰ দেশৰ লগতে অসমতো কলকাতাত কৰ্তব্যৰত চিকিৎসক পৰিবহ মুখোপাধ্যায়ক কৰা বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 14, 2019 7:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলকাতাৰ এন আৰ এছ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত কৰ্তব্যৰত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা চিকিৎসক ডা০ পৰিবহ মুখোপাধ্যায়ক বৰ্বৰভাৱে আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ পশ্চিমবংগৰ লগতে দেশৰ অন্যান্য প্ৰান্তত চিকিৎসকসকলৰ দ্বাৰা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালভাৱে অসমতো চিকিৎসকৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰা হয়।

শুকুৰবাৰে শিলচৰত শিলচৰ চিকিৎসা মহাবিদ্যালয় হস্পাতালৰ স্নাতকোত্তৰ ট্ৰেইনি য়ুনিয়ন, কনিষ্ঠ চিকিৎসক সন্থা আৰু চিকিৎসালয়খনত কৰ্তব্যৰত চিকিৎসক, অধ্যাপকসকলে ক’লকাতাৰ ঘটনাৰ প্ৰতিবাদত ৰাতিপুৱা ১০ বজাৰ পৰা ১২ বজালৈ চিকিৎসা মহাবিদ্যালয়খনৰ বহিঃ বিভাগ বন্ধ ৰাখি বিক্ষোভ প্ৰদৰ্শন কৰে।

Apply Now

প্ৰতিবাদত অংশগ্ৰহণ কৰা এগৰাকী মহিলা চিকিৎসকে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ-প্ৰশাসনক চিকিৎসালয়সমূহতত কৰ্মৰত চিকিৎসকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে দাবী জনোৱাৰ লগতে চিকিৎসালয়সমূহক সুৰক্ষিত স্থানলৈ ৰূপান্তৰ কৰাৰ আহ্বান জনায় যাতে তেওঁলোকে নিশ্চিত মনে জনসাধাৰণক সেৱা আগবঢ়াব পাৰে।

শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ লগতে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তো চিকিৎসকসকলে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে। মেডিকেল কলেজখনৰ কনিষ্ঠ চিকিৎসকসকলেও বিয়লি ৪:৩০ বজাৰ পৰা দুঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্য্যসূচী ৰূপায়ণ কৰে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকৰ অৱস্থান ধৰ্মঘট

চিকিৎসা মহাবিদ্যালখনৰ চৌহদত গ্ৰহণ কৰা অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীৰ জৰিয়তে প্ৰতিবাদী চিকিৎসকসকলে ‘চিকিৎসকক সুৰক্ষা প্ৰদানৰ’ দাবী তোলাৰ লগতে চিকিৎসকক আক্ৰমণকাৰীৰ কঠোৰ শাস্তি দাবী কৰে।

তদুপৰি চিকিৎসা মহাবিদ্যালয়খনৰ কনিষ্ঠ চিকিৎসক, ছাত্ৰ-ছাত্ৰীসকলেও ২ ঘণ্টাৰ বাবে কৰ্মবিৰতিও পালন কৰে।

অৱস্থান ধৰ্মঘটৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি দিগন্ত বৰগোঁহাই নামৰ এগৰাকী কনিষ্ঠ চিকিৎসকে কয় ‘পশ্চিমবংগত ২০০ জন লোকৰ এটা দলে কনিষ্ঠ চিকিৎসকজনক আক্ৰমণ কৰিছিল আৰু বৰ্তমান তেওঁৰ অৱস্থা অতিকৈ সংকটজনক। অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ হাস্পতালসমূহত এনেধৰণৰ ঘটনাসমূহ ঘটি থকা দেখিবলৈ পাই আহিছো। এনে ঘটনাসমূহ ঘটি থকাৰ পাছতো কোনো চিকিৎসালয়তে আজিৰ দিনত সুস্থভাৱে কাম কৰাৰ সুযোগ পোৱা নাই। যাৰ ফলত যুৱ চিকিৎসকসকলৰ মাজত হতাশাৰ সৃষ্টি হৈছে।‘

জি এম চি এইছত চিকিৎসকৰ প্ৰতিবাদ

তেওঁ লগতে কয় ‘আজি আমি এক মানৱ শৃংখল গঠন কৰিব বিচাৰিছো। এই বাৰ্তাই জনসাধাৰণৰ মাজলৈ যাব লাগে যে কনিষ্ঠ চিকিৎসকসকলে কমকৈ দৰমহা পোৱাৰ পাছতো নিৰবিচ্ছিন্নভাৱে সেৱা আগবঢ়াইছো। যাতে আমি সুৰক্ষাৰ মাজত থাকি চিকিৎসা সেৱা প্ৰদান কৰিব পাৰো।‘

চিকিৎসকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ দাবীৰে অতি সোনকালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু কনিষ্ঠ চিকিৎসকৰ স্বাক্ষৰ সম্বলিত এক স্মাৰক পত্ৰ প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ কৰিব বুলি সংবাদ মাধ্যমক প্ৰতিবাদকাৰীসকলে জানিবলৈ দিয়ে।

ক’লকাতাৰ চিকিৎসকক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত বৃহস্পতিবাৰে নতুন দিল্লীৰ এইমছৰ চিকিৎসক সকলে মুৰত হেলমেট পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে, এন আৰ এছ চিকিৎসা মহাবিদ্যালয় হস্পাতালত আক্ৰমণৰ সন্মুখিন হোৱা চিকিৎসক পৰিবহ মুখোপাধ্যায়ৰ স্বাস্থ্য বৰ্তমান ক্ৰমে স্বাভাৱিক অৱস্থালৈ আহিবলৈ আৰম্ভ কৰিছে। শিলেৰে মুৰত আক্ৰমণ কৰাৰ ফলত তেওঁ লাওখোলাত গুৰুতৰভাৱে আঘাত পাইছিল।

কলকাতাৰ চিকিৎসকক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত বৃহস্পতিবাৰে নতুন দিল্লীৰ এইমছৰ চিকিৎসকসকলে মুৰত হেলমেট পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে, এন আৰ এছ চিকিৎসা মহাবিদ্যালয় হস্পাতালত আক্ৰমণৰ সন্মুখিন হোৱা চিকিৎসক পৰিবহ মুখোপাধ্যায়ৰ স্বাস্থ্য ক্ৰমে স্বাভাৱিক অৱস্থালৈ আহিবলৈ আৰম্ভ কৰিছে। শিলেৰে মুৰত আক্ৰমণ কৰাৰ ফলত তেওঁ লাওখোলাত গুৰুতৰভাৱে আঘাত পাইছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd