গুৱাহাটীবাসীয়ে বহু আশাৰে জিকোৱা নতুন সাংসদ কুইন ওজাৰ চিকুণ ভাত-ঘুমটি ভাঙি শুকুৰবাৰে তেওঁৰ ঘৰত প্ৰৱেশ কৰে কৰ্তব্যৰত সাংবাদিকৰ দল।
দোষ সাংবাদিকৰ নহয়। ওজাৰ ঘনিষ্ঠ জয়ন্ত শইকীয়া নামৰ এজন বিজেপি নেতাৰ নিমন্ত্ৰণত সাংসদগৰাকীৰ “প্ৰথমখন সংবাদমেল”ত উপস্থিত হ’বলৈ গৈছিল খবৰ-সন্ধানী, জিৰণিহীন সাংবাদিকগণ।
ওজাৰ উলুবাৰীৰ ঘৰত সাংবাদিকে ৪৫ মিনিট বোন্দাপৰ দিয়াৰ পিছত ওলাই আহিল নৱ নিৰ্বাচিত সাংসদগৰাকী।
ক’লে, “মই শুইহে আছিলো। কোনে কৈছে মই সংবাদমেল দিছো বুলি? মই আজি তেনে কোনো সংবাদমেল দিয়াৰ কথা নাছিল!”
এজন সাংবাদিকে উত্তৰ দিলে– জয়ন্ত শইকীয়াই। “সন্মানীয় সাংবাদিক বন্ধুসকল, আজি বিয়লি ৪ বজাত গুৱাহাটীৰ সাংসদ কুইন ওজাই উলুবাৰীস্থিত নিজ বাসগৃহত এক বিশেষ সংবাদমেলৰ আয়োজন কৰিছে। এই সংবাদ মেলৰ সংবাদ সংগ্ৰহৰ বাবে আপোনাৰ সংবাদ প্ৰতিষ্ঠানৰ প্ৰতিনিধি প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ,” এয়া সাংবাদিকক “বিশেষ সংবাদমেল”লৈ বিজেপি নেতা শইকীয়াই ৱটচএপযোগে জনোৱা নিমন্ত্ৰণ।
কুইন ওজাই শইকীয়াক চিনি নোপোৱা নহয়। “কিন্তু সিটো এতিয়া ইয়াত নাই। কোনে এইটো কৰিছে খবৰ ল’ব লাগিব,” উপস্থিত সাংবাদিকক ওজাৰ মন্তব্য।
এ এন আই কে ধৰি আঞ্চলিক, ৰাষ্ট্ৰীয় প্ৰায় ২০টা মান সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক গৈ উপস্থিত হৈছিলগৈ কুইন ওজাৰ বাসগৃহত।
“তোমালোকক এনেই কষ্ট দিয়া হ’ল, বেয়া নাপাবা,” এই কথাৰেই সাংবাদিকক সান্ত্বনা দি ওজাই তেওঁৰ ঘৰতে শুকুৰবাৰৰ দিনটোতে আয়োজিত অসম বে’বি লীগ ফুটবল ফাউন্দে’চন গঠন সম্পৰ্কীয় সভাক লৈয়ে দু-আষাৰ ক’লে।
কৰ্মব্যস্ততাৰ মাজত ঢাপলি মেলা সাংবাদিকসকলৰ একাংশই ঘটনাটোত ক্ষোভ প্ৰকাশ কৰিছে।
“মই ৰাজনৈতিক ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ বাতৰি এটা লিখি আছিলো। সংবাদমেলৰ খবৰ পাই ততাতৈয়াকৈ আহি উপস্থিত হ’লো। এনে বুলি জনাহেঁতেন মই নাহিলোহেঁতেন,” এজন ক্ষুভিত সাংবাদিকৰ মন্তব্য।

আন এগৰাকী জ্যেষ্ঠ সাংবাদিকে একেটা ৱটছএপ গ্ৰুপতে লিখিছে, “এনে কোনো সংবাদমেল আজি সাংসদ ওজাৰ নাছিল৷ কিন্তু উপনেতা-পালিনেতাৰ এনে প্ৰচাৰৰ ফল সাংবাদিকে ভুগিলে।”
এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধিৰ সংবাদমেলক লৈ এনে ল’ৰা-ধেমালি পৃথিৱীৰ আন ক’ৰবাত হৈছেনে? হোৱা উচিতনে?
দিজিটেল ইণ্ডিয়াৰ দিনত অসমৰ নতুন জনপ্ৰতিনিধিৰ জনসম্পৰ্ক কিমান পুতৌজনক হ’ব পাৰে, ই তাৰেই দৃষ্টান্ত দাঙি ধৰা নাইনে?
নহয় যদি, হয় কি?





