NORTHEAST NOW (Assamese)

আনক দোষাৰোপ নকৰি সুশাসনত গুৰুত্ব দিয়কঃ চৰকাৰক সমালোচনা ষ্টাৰ্টআপ প্ৰতিষ্ঠাপকৰ

April 8, 2025 11:55 am · এন ই নাও নিউজ, গুৱাহাটী

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱালে সম্প্রতি ভাৰতীয় ষ্টাৰ্টআপসমূহক খাদ্য ডেলিভাৰী এপ আৰু ফেণ্টাচি স্প’ৰ্টছ এপৰ পৰিৱৰ্তে উচ্চ প্ৰযুক্তিৰ ক্ষেত্ৰত মনোযোগ দিবলৈ আহ্বান জনাইছিল। কিন্তু এই মন্তব্যক লৈ এতিয়া বিতৰ্কৰ সূত্ৰপাত হৈছে।

ষ্টাৰ্টআপৰ এজন প্ৰতিষ্ঠাপকে গোৱাললৈ এখন মুকলি পত্ৰ লিখি চৰকাৰৰ আমোলাতন্ত্ৰিক বাধাৰ বিষয়ে সমালোচনা কৰিছে। প্ৰতিষ্ঠাপকগৰাকীয়ে অভিযোগ কৰিছে যে ভাৰতত ষ্টাৰ্টআপৰ বিকাশৰ বাবে কৰ আইনৰ জটিলতা, আমদানি ব্যয় বৃদ্ধি, আৰু অনুমোদন প্ৰক্ৰিয়াৰ ধীৰ গতিৰ বাবে বাধাৰ সৃষ্টি হৈছে।

এই কৰ আইনসমূহৰ বাবে মই কম্পিউটাৰ ইডিএ অনুজ্ঞাপত্ৰ, সঁজুলি আৰু কেঁচামাল আমদানি কৰিবলৈ বিদেশৰ প্ৰতিযোগীসকলতকৈ দুগুণ বেছি খৰচ বহন কৰিব লগা হয় বুলি মত প্ৰকাশ কৰিছে।

তেওঁ চৰকাৰৰ এই প্ৰক্ৰিয়াৰ সৰলীকৰণৰ প্ৰয়োজনীয়তাও উল্লেখ কৰি তেওঁ লগতে কয় আমাৰ উদ্ভাৱনী শক্তিৰ পথত চৰকাৰী হস্তক্ষেপ হ্ৰাস কৰক। উদ্যোগীসকলে বিশ্বমানৰ সামগ্ৰী নিৰ্মাণ কৰাৰ সক্ষমতা ৰাখএ বুলি মত প্ৰকাশ কৰে। এই সমালোচনাৰ প্ৰেক্ষাপটত ষ্টাৰ্টআপৰ ক্ষেত্ৰত চৰকাৰৰ নীতিৰ ওপৰত নতুন বিতৰ্ক সৃষ্টি হৈছে।

Related News