NORTHEAST NOW (Assamese)

এ পি এছ চি কেলেংকাৰি : আদালতত আত্মসমৰ্পণ কৰিলে পল্লৱী শৰ্মাই

August 25, 2018 8:05 am · এন ই নাও নিউজ
নিলম্বিত এ পি এছ বিষয়া পল্লৱী শৰ্মা। ফাইল ফটো

এ পি এছ চি কেলেংকাৰিত গ্ৰেপ্তাৰ হৈ কাৰাবাসত থকাৰ পিছত অসুস্থ পিতৃৰ পৰিচৰ্যাৰ বাবে অন্তৱৰ্তী জামিন লাভ কৰা নিলম্বিত এ পি এছ বিষয়া পল্লৱী শৰ্মাই শুকুৰবাৰে গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতত আত্মসমৰ্পণ কৰে। আদালতে তেওঁক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আনহাতে, আদালতে অহা ৭ ছেপ্টেম্বৰত ধৃত বিষয়াগৰাকীক পুনৰ আদালতত হাজিৰ কৰাবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে জ্যেষ্ঠ বিজেপি নেতা তথা তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ কন্যা পল্লৱী শৰ্মাক এ পি এছ চি কেলেংকাৰিত জড়িত থকাৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীয়ে যোৱা ১৮ জুলাইত গ্ৰেপ্তাৰ কৰিছিল।

ইপিনে কলকাতাত বৃক্ক সংৰোপণ কৰা অসুস্থ পিতৃৰ পৰিচৰ্যাৰ কাৰণে জামিন বিচাৰি জনোৱা আবেদনৰ ভিত্তিত বিশেষ আদালতে যোৱা এক আগষ্টৰ পৰা ১৫ দিনৰ বাবে পল্লৱীক চৰ্তসাপেক্ষ অন্তৱৰ্তী জামিন মঞ্জুৰ কৰিছিল। সেই অনুসৰি ১৬ আগষ্টত বিশেষ আদালতত আত্মসমৰ্পণ কৰিব লগা আছিল।

নিলম্বিত এ পি এছ বিষয়া পল্লৱী শৰ্মাই পিতৃৰ পৰিচৰ্যাৰ বাবে প্ৰয়োজনীয়তাৰ দোহাই দি অধিক সকাহ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। কিন্তু উচ্চ ন্যায়ালয়ে সাংসদ শৰ্মাৰ স্বাস্থ্যৰ প্ৰতিবেদন লাভ কৰাৰ পিছত কন্যা পল্লৱীৰ অন্তৱৰ্তী জামিনৰ ম্যাদ বৃদ্ধি কৰিবলৈ অস্বীকাৰ কৰে। তদুপৰি, ন্যায়ালয়ে বিষয়াগৰাকীক বিশেষ ন্যায়াধীশৰ আদালতত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল।

এ পি এছ চি কেলেংকাৰিৰ ক্ষেত্ৰত ডিব্ৰুগড় আৰক্ষীৰ কঠোৰ স্থিতি আৰু আদালতৰ কঠোৰ নিৰ্দেশনাৰ বাবে অভিযুক্ত বিষয়াসকলে সুৰঙা বিচাৰি সকাহ পোৱাৰ সম্ভাৱনা ক্ষীণ হৈ পৰিছে।

Related News