উত্তৰ কাচাৰ পাৰ্বত্য স্বায়ত্ব-শাসিত পৰিষদৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্যগৰাকীয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহা প্ৰৱন্ধকক ঐতিহ্য ৰেলপথ বিষয়টো সম্পৰ্কত আলোচনা কৰাৰ বাবে সাক্ষাৎ কৰে।
কালি আবেলি বিধায়ক বীৰভদ্ৰ হাগেজৰ আৰু পৰ্যটনৰ কাৰ্যবাহী সদস্য কুলেন্দ্ৰ দাউলাগুপুৰ নেত্বত্বত ডিমা হাছাওৰ সঁজাতী দলটোৱে মালিগাঁৱৰ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহা প্ৰৱন্ধক সঞ্জীৱ ৰয়ৰ সৈতে সাক্ষাৎ কৰে। এই দলটোত ৰাজহ সচিব সৈন্দেশ আৰ্দাও আৰু পৰ্যটন বিভাগৰ উপ সঞ্চালক নিৰ্মলেন্দু কেম্প্ৰাইও আছিল। আলোচনাচক্ৰত অংশ লোৱা ৰে’লৱেৰ সঁজাতী দলটোত মহা প্ৰৱন্ধকগৰাকীৰ উপৰিও অতিৰিক্ত মহা প্ৰৱন্ধক লোকেশ নাৰায়ণ, প্ৰধান মুখ্য অভিযন্তা (PCE) ৰাজীৱ ৰাজবংশী, মুখ্য জন-সম্পৰ্কৰক্ষী বিষয়া (CPRO ) প্ৰণৱজ্যোতি শৰ্মাও উপস্থিত আছিল।
জানিব পৰা গৈছে যে ঐতিহ্য ৰেলপথচোৱাৰ বাকী থকা অংশ এতিয়া ৰে’লৱে ব’ৰ্ডৰ ওপৰত নিৰ্ভৰ কৰিছে। যেতিয়া পৰ্যটনৰ কাৰ্যবাহী সদস্য কুলেন্দ্ৰ দাউলাগুপুৱে মেইলংদিছা আৰু লংৰানগাজাওৰ মাজৰ ঐতিহ্য ৰেলপথচোৱাৰ কিছু কিছু অংশত থকা সৰু সৰু কালভাৰ্ট, সৰু সৰু দলং আদি উঠাই দিয়াৰ বিষয়টোলৈ আঙুলিয়াই দিছিল, লগে লগে মহা প্ৰৱন্ধক ৰয়ে সংশ্লিষ্ট বিষয়াসকলক সেই কাম বন্ধ কৰাৰ বাবে নিৰ্দেশ জাৰী কৰিছিল।
আৰু জানিব পৰা গৈছে যে পৰৱৰ্তী পদক্ষেপৰ বাবে অসম চৰকাৰ আৰু উত্তৰ-পূ সীমান্ত ৰে’লৱেই অলপতে মূল্যায়ন প্ৰতিৱেদন জমা দিছে। বিধায়ক বীৰভদ্ৰ হাগজেৰে পৰিত্যক্ত মিটাৰ গজ ৰে’লপথৰ অব্যৱহৃত ভূমিখিনি অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ আইন ১৮৮৬ (সংশোধিত) অনুসৰি পৰিষদৰ হাতত পুনৰাই অৰ্পণ কৰিব লাগে।
মহা প্ৰৱন্ধক ৰয়ে উত্তৰ কাচাৰ পাৰ্বত্য স্বায়ত্ব-শাসিত পৰিষদৰ সঁজাতী দলটোক কৈছে যে অব্যৱহৃত মাটি পুনৰ উভোতাই দিয়াৰ ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কেতবোৰ নিয়ম আৰু প্ৰক্ৰিয়া আছে আৰু এই বিষয়ত মাত্ৰ উৰ্ধতম কৰ্তৃপক্ষ—ৰে’লৱে ব’ৰ্ড আৰু মন্ত্ৰ্যালয়েহে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।
আনহাতে গুৱাহাটী-দিতেকচেৰা বিশেষ ৰে’লগাড়ী প্ৰৱৰ্তনৰ ক্ষেত্ৰত কৰা দাবীৰ ক্ষেত্ৰত মহা প্ৰৱন্ধকগৰাকীয়ে কৈছে যে লামডিং-বদৰপুৰ বিশেষ ৰে’লগাড়ী প্ৰৱৰ্তন কৰাটো অধিক বাস্তৱ।
ডিমা হাছাওৰ মাজেৰে পাৰ হৈ যোৱা সকলো ৰে’লগাড়ীৰ দবাত ডিমা হাছাও জিলাক বিজ্ঞাপন কৰা ব্যৱস্থা কৰাৰ দাবীৰ ক্ষেত্ৰত মহা প্ৰৱন্ধকগৰাকীয়ে কৈছে যে এই ক্ষেত্ৰত পৰ্যটন বিভাগে সাম্ভাব্য সকলো সৃষ্টিমূলক সমৰ্থন আগবঢ়াব নিউ হাফলং ৰে’লৱে ষ্টেশ্যনৰ প্লেটফৰ্মত পৰ্যটক তথ্য কিয়স্ক স্থাপন কৰা হ’ব আৰু পৰ্যটন বিভাগৰ পৰা আনুষ্ঠানিক আনুষ্ঠানিক অনুৰোধ অহাৰ পাছত লামডিঙৰ মাণ্ডলিক ৰে’লৱে প্ৰৱন্ধকে (DRM ) প্ৰযোজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি মহা প্ৰৱন্ধকগৰাকীয়ে কয়।