কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে
ককৰোচ জনতা পাৰ্টি চমুকৈ চিজেপিয়ে আজি তাৎক্ষণিকভাৱে তেওঁলোকৰ প্ৰতিবাদ সামৰণি পেলোৱাৰ কথা ঘোষণা কৰে। ইয়াৰ লগতে দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাৱ্যস্ত কৰি থকা সমৰ্থকসকলক তেওঁলোকে ঘৰলৈ উভতি যাবলৈ আহ্বান জনাইছে।
আজি চৰকাৰ আৰু চিজেপিৰ মাজত অনুষ্ঠিত হোৱা এখন যুটীয়া সংবাদমেলত এই কথা ঘোষণা কৰা হয়। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পিছতেই দলটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে, শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগেই আছিল চিজেপিৰ প্ৰধান দাবী।
এই সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিং উপস্থিত আছিল। তেওঁলোকৰ উপস্থিতিত চিজেপিৰ মুখপাত্ৰ সৌৰভ দাস আৰু আশুতোষ ৰাংকাই সাংবাদিকৰ আগত কয় যে চৰকাৰে তেওঁলোকৰ দাবীসমূহ আখৰে আখৰে পালন কৰিব বুলি দৃঢ় বিশ্বাস ৰাখিয়েই চিজেপিয়ে এই প্ৰতিবাদ প্ৰত্যাহাৰ কৰিছে।
দলটোৰ এটা দাবী ইতিমধ্যে পূৰণ হৈছে। ইয়াৰ উপৰিও এই ব্যংগাত্মক ৰাজনৈতিক দলটোৰ মুখপাত্ৰসকলে জানিবলৈ দিয়ে যে চৰকাৰে তেওঁলোকক আন কেইবাটাও গুৰুত্বপূৰ্ণ আশ্বাস দিছে। চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ বিৰুদ্ধে ৰুজু হোৱা আৰক্ষীৰ গোচৰসমূহ উঠাই লোৱা আৰু ভৱিষ্যতে তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিশ্ৰুতি দিছে। লগতে নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাত আত্মহত্যা কৰা ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালক নীতি-নিয়ম অনুসৰি সৰ্বাধিক ক্ষতিপূৰণ দিয়াৰ কথাও চৰকাৰে মানি লৈছে।
চিজেপিৰ মুখপাত্ৰ সৌৰভ দাসে শেষত কয় যে যিহেতু চৰকাৰে তেওঁলোকৰ সকলো দাবী মানি লৈছে, সেয়েহে সকলো প্ৰতিবাদকাৰীক এতিয়া শান্তিপূৰ্ণভাৱে নিজৰ নিজৰ ঘৰলৈ উভতি যাবলৈ অনুৰোধ জনোৱা হৈছে।