গৃহযুদ্ধৰ দিশে পাকিস্তান! নিষিদ্ধ কৰা হ’ব ইমৰাণ খানৰ ৰাজনৈতিক দল পিটিআইক!

পাকিস্তানত নিষিদ্ধ কৰা হ’ব পাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ৰাজনৈতিক দল তেহৰিক-ই-ইনছাফ পাকিস্তান (পিটিআই)। খোদ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে এই আশংকা প্ৰকাশ কৰাৰ পাছতে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে মন্তব্য কৰিছে।

প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক আশংকা যে ভিত্তিহীন নহয় সেই কথা প্ৰমাণ কৰিছে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে। বুধবাৰে প্ৰতিৰক্ষা মন্ত্ৰী আছিফে কয় যে “ইমৰাণৰ দল তেহৰিক-ই-ইনছাফ পাকিস্তান (পিটিআই) নিষিদ্ধ কৰাৰ চিন্তা চলি আছে। দেশৰ বুকুত আঘাত হানিছে পিটিআইয়ে। আগতে কেতিয়াও এনেকুৱা হোৱা নাছিল। এইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।”

দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী আছিফৰ এই মন্তব্যই পাকিস্তানত আকৌ এবাৰ অশান্তিৰ জুই জ্বলাব বুলি ধাৰণা কৰা হৈছে।

মন কৰিবলগীয়া যে ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা পাকিস্তানত কাৰ্যতঃ গৃহযুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়েও দাবী কৰে যে তেওঁৰ দল টিটিপি নিষিদ্ধ কৰাৰ ষড়যন্ত্ৰ চলি আছে।

শেহতীয়াকৈ ইমৰাণ খানে নিজৰ টুইটাৰ হেণ্ডেলত লিখিছে, “প্ৰায় ৭ হাজাৰ পিটিআই সমৰ্থকক গ্ৰেপ্তাৰ কৰা হৈছে। হিংসাৰ আঁৰত কোন আছে তদন্ত নকৰাকৈয়ে আমাৰ সমৰ্থক, নেতৃত্ব আৰু মহিলাসকলক জেলত ভৰোৱা হৈছে। আমাৰ দলক নিষিদ্ধ কৰাৰ ষড়যন্ত্ৰ।”

তেওঁ লগতে লিখিছে, “ইয়াৰ মাজতে আমাৰ নিৰাপত্তা সংস্থাৰ সহায়ত দুৰ্বত্তবোৰে উচ্চতম ন্যায়ালয়ৰ দায়িত্ব লৈছে। এইদৰে দেশ সংবিধান ধ্বংস কৰা হৈছে। এবাৰ এনেকুৱা হ’লেই আমাৰ পাকিস্তানৰ সপোন শেষ হৈ যাব।”

বিশ্লেষকসকলৰ মতে ইমৰাণ খান এসময়ত পাকিস্তান সেনাৰ পোষ্টাৰ বয় আছিল। সেই সমীকৰণটো সলনি হোৱাৰ লগে লগে পাকিস্তানক ক্ৰিকেট বিশ্বকাপৰ উপহাৰ দিয়া ‘কেপ্তেইন’জন সেনাৰ চকুত শত্ৰু হৈ পৰিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে বাৰে বাৰে কৈ আহিছে যে সেনাই তেওঁক ৰাজহুৱাভাৱে পদচ্যুত কৰিছে। আৰু এতিয়া সেনা আৰু শ্বাহবাজ শ্বৰীফৰ চৰকাৰে তেওঁৰ দলটোক লক্ষ্য কৰি লৈছে বুলিও অভিযোগ কৰিছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।