NORTHEAST NOW (Assamese)

মাজুলীৰ বজাৰত মাছ, শাক-পাচলিৰ মাত্ৰাধিক দাম; খাদ্য বিভাগৰ অভিযান

April 22, 2019 6:45 pm · মিটু খাটনিয়াৰ
Updated: April 22, 2019 6:49 pm

মাজুলীৰ বজাৰসমূহত মাছ আৰু শাক-পাচলিৰ অযুক্তিকৰ আৰু মাত্ৰাধিক দামৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে জিলা প্ৰশাসনে। একাংশ অসাধু ব্যৱসায়ীয়ে গ্ৰাহকৰ পৰা নিজ ইচ্ছামতে মাছ, শাক-পাচলি আদিৰ অত্যাধিক দাম লৈ অহাৰ ৰাজহুৱা অভিযোগ উঠাৰ পাছতে উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰৰ নিৰ্দেশত আজিৰ পৰা জিলাখনৰ বজাৰে বজাৰে অভিযানত নামিছে জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ লগতে খাদ্য সুৰক্ষা বিভাগৰ দল।

জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উপ-পৰিদৰ্শকদ্বয় ৰাজীৱ মৰাণ, অজিত কুমাৰ সোণোৱাল আৰু খাদ্য সুৰক্ষা বিষয়া সমীৰণ বৰুৱাই সোমবাৰে বিয়লিৰ পৰা কমলাবাৰী আৰু বালি চাপৰিৰৰ মাছৰ বজাৰৰ লগতে কমলাবাৰী দৈনিক বজাৰ, গড়মূৰ বজাৰত আকস্মিক পৰিদৰ্শন কৰি মাছ আৰু শাক-পাচলিৰ মূল্যমান পৰীক্ষা কৰে।

তদুপৰি, বিভাগীয় বিষয়াৰ দলটোৱে অভিযানকালত মাছ-বজাৰ কেইখনৰ পৰিবেশ-পৰিচ্ছন্নতাৰ দিশটোও পৰিদৰ্শন কৰি ব্যৱসায়ীসকলক খাদ্য সুৰক্ষাৰ বিধিসমূহ মানি চলি সম্পূৰ্ণ স্বাস্থ্যসন্মত পৰিবেশতহে মাছ বিক্ৰীৰ ব্যৱস্থা কৰিবলৈ সকীয়াই দিয়ে। ব্যৱসায়ীসকলক মাছ তথা শাক-পাচলিৰ ক্ষেত্ৰত গ্ৰাহকৰ পৰা যুক্তিসংগত দৰতহে মূল্য আদায় কৰিবলৈও সোঁৱৰাই দিয়ে বিভাগীয় বিষয়াসকলে।

জিলা প্ৰশাসনে আজি সংশ্লিষ্ট সকলো পক্ষৰে জ্ঞাতাৰ্থে স্পষ্ট কৰি দিয়ে যে গ্ৰাহকৰ পৰা নিজ খেয়াল-খুচি মতে মাত্ৰাধিক দাম আদায় কৰা ব্যৱসায়ীৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিব।

জিলাখনৰ বজাৰসমূহত শাক-পাচলি, মাছ-মাংস তথা আন খাদ্য সামগ্ৰীৰ মূল্যমান সন্দৰ্ভত প্ৰশাসনে নিৰন্তৰ নজৰ ৰখাৰ ব্যৱস্থা কৰাৰ লগতে গ্ৰাহকৰ পৰা ন্যাৰ্য মূল্যৰ পৰিৱৰ্তে মাত্ৰাধিক দাম আদায় কৰা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলিও জিলা প্ৰশাসনৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে।

Related News