ৰাজ্যৰ বোলছবি জগতৰ লগত জড়িত কাৰিকৰী কলা-কুশলীক খাদ্য সামগ্ৰী যোগান

ৰাজ্যৰ বোলছবি জগতৰ লগত জড়িত কাৰিকৰী কলা-কুশলীক এসপ্তাহৰ খাদ্য সামগ্ৰী যোগান।

তেনে ১২০ টা পৰিয়ালক এসপ্তাহৰ খাদ্য সামগ্ৰী যোগান ধৰিলে ক্ৰীড়া আৰু যুৱ কল্যাণৰ সদস্য সচিব লক্ষ্য কোঁৱৰে।

অভিনেত্ৰী অমৃতা গগৈ আৰু কৰিঅ’গ্ৰাফাৰ উদয় শঙ্কৰে নিজে এই খাদ্য সমগ্ৰীখিনি কাৰিকৰী কলা কুশলীসকলক ঘৰে ঘৰে গৈ বিতৰণ কৰাৰ দায়িত্ব লয়।

মহানগৰীৰ চুপাৰ মাৰ্কেটস্থিত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালকালয়ত খাদ্য সামগ্ৰী খিনি অমৃতা আৰু উদয়ৰ হাতত অৰ্পন কৰে ব্ৰটদৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা আৰু লক্ষ্য কোঁৱৰে।

উক্ত কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি বিধায়িকা আঙুৰলতা ডেকাই কয়, ‘এখন দিঘলীয়া যুদ্ধৰ বাবে সকলো সাজু হৈছো। মানসিকভাৱে প্ৰস্তুত হ’বলৈয়ো আহ্বান জনাইছো। এনে কিছুমান পৰিয়াল আছে যিসকলে দিনত কাম কৰিলেহে ৰাতিলৈ এসাজ খাবলৈ পায়। আজি বোলছবি জগতৰ সৈতে জড়িত কাৰিকৰী কলা-কুশলীসকলক খাদ্য-সামগ্ৰী দিয়া হৈছে। পাছত যদি তেনে পৰিয়ালৰ সন্ধান পাওঁ তেন্তে তেওঁলোককো সহায় কৰিম।‘

আনহাতে, এই খাদ্য সামগ্ৰীসমূহৰ যোগানকাৰী লক্ষ্য কোঁৱৰে সংবাদ মাধ্যমৰ আগত কয় ‘এই সময়ত সকলো বিভিন্ন সমস্যাৰ সন্মুখীন হৈছো। কালি আমি গম পালো যে অসমীয়া বোলছবি জগতৰ কাৰিকৰী কলা-কুশলীসকল বহু অসুবিধাৰ সন্মুখীন হৈছে। সেয়েহে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ১২০ টা পৰিয়াললৈ এসপ্তাহৰ খাদ্য সামগ্ৰী যোগান ধৰিছো।’

এই খাদ্য সামগ্ৰীসমূহ কাৰিকৰী কলা-কুশলীসকলৰ মাজত বিতৰণ কৰাৰ দায়িত্ব লোৱা অভিনেত্ৰী অমৃতা গগৈয়ে কয়, ‘ৰাজ্য চৰকাৰে অসমীয়া বোলছবি জগতৰ কলা-কুশলীসকললৈ যি সহযোগিতা আগবঢ়াইছে সেই সহোযোগিতাৰ অংশ ল’বলৈ পাই নিজকে সুখী অনুভৱ কৰিছো। আমি নিজেই ঘৰে ঘৰে গৈ এই খাদ্য সামগ্ৰীসমূহ কলা কুশলীসকলৰ মাজত বিতৰণ কৰিমগৈ।‘