নোখোৱাকৈ নাথাকিবঃ এনে খাদ্যই বৃদ্ধি কৰিব হিম’গ্লবিনৰ পৰিমাণ

স্বাস্থ্যজনিত সমস্যাই সাম্প্ৰতিক সময়ত প্ৰায় প্ৰতিজন মানুহক জুৰুলা কৰিছে। আমাৰ দৈনন্দিন জীৱনশৈলীও বহু সময়ত হৈ পৰিছে মানসিক চাপ আৰু উদ্বেগৰ কাৰক।

এনে স্বাস্থ্যজনিত সমস্যাত ভুগিবলগীয়াৰ অন্যতম প্ৰধান কাৰণ হিচাপে দেখা যায় দেহত হিম’গ্লবিনৰ অভাৱ। মনত ৰাখিব, হিম’গ্লবিনেই সমগ্ৰ শৰীৰত অক্সিজেনৰ সঞ্চালন কৰে।

সেয়ে যেতিয়া দেহত হিম’গ্লবিনৰ মাত্ৰা কমি যায় তেতিয়া দেহক ভাগৰ, দুৰ্বলতাই আৱৰি ধৰাৰ লগতে উশাহ লোৱাত কষ্ট, মূৰৰ বিষ আদিৰ সৃষ্টি কৰিব পাৰে।

যদি হিম’গ্লবিনৰ মাত্ৰা বহু পৰিমাণে কমি যায়, তেন্তে এই অৱস্থাক ৰক্তহীনতাত আক্ৰান্ত হ’ব পাৰে। ভাৰতত ৰক্তহীনতা অন্যতম স্বাস্থ্যৰ ক্ষেত্ৰত আটাইতকৈ বৃ্হৎ সমস্যা হিচাপে থিয় দিছে।

শেহতীয়া বহু সমীক্ষা অনুসৰি লাখ লাখ ভাৰতীয় মহিলা এই অৱস্থাত ভুগিছে। একে বয়সৰ পুৰুষৰ বিপৰীতে মহিলাৰ দেহত হিম’গ্লবিনৰ পৰিমাণ বহু মাত্ৰাই কম।

সাধাৰণতে এজন পুৰুষৰ ক্ষেত্ৰত প্ৰতি ডেচিলিটাৰত ১৩.৫ৰ পৰা ১৭.৫ গ্ৰাম আৰু মহিলাৰ ক্ষেত্ৰত প্ৰতি ডেচিলিটাৰত ১২.০ৰ পৰা ১৫.৫ গ্ৰাম হিম’গ্লবিনৰ প্ৰয়োজন বুলি গণ্য কৰা হয়।

আপোনাৰ তেজত হিম’গ্লবিন নিয়ন্ত্ৰণত ৰখাত তথা শৰীৰৰ কোষবোৰে ভালদৰে কাম কৰাটো নিশ্চিত কৰাত কিছুমান খাদ্যই সহায় কৰিব পাৰে। এনে কিছুমান খাদ্যৰ বিষয়ে জানো আহকঃ

১/ ভিটামিন-চি সমৃদ্ধ খাদ্য

আইৰণ শৰীৰে সম্পূৰ্ণৰূপে শোধণ কৰিব নোৱাৰে। এই ক্ষেত্ৰত সহায়ক হোৱাকৈ এটা মাধ্যমৰ প্ৰয়োজন হয়। ভিটামিন-চি এই মাধ্যম হিচাপে কাম কৰে। আমলখি, কমলা, নেমু, জলকীয়া, বিলাহী, জামু আদি বেছিকৈ খাব লাগে, কাৰণ ইয়াত ভিটামিন-চি বহু পৰিমাণে থাকে।

২/ আইৰণ সমৃদ্ধ খাদ্য

আইৰণৰ অভাৱ হিম’গ্লবিনৰ মাত্ৰা কম হোৱাৰ অন্যতম সাধাৰণ কাৰণ। আইৰণ সমৃদ্ধ খাদ্য যেনে সেউজীয়া শাক-পাচলি, কচু, কণী, গোটা শস্য, দাইল আৰু বীন, মাংস, মাছ, শুকান ফল, ইত্যাদি খাদ্য তালিকাত ৰাখিব লাগে।

৩/ ফলিক এচিড সমৃদ্ধ খাদ্য

ফলিক এচিড হৈছে শৰীৰৰ ৰক্তকণিকা তৈয়াৰ কৰিবলৈ প্ৰয়োজনীয় বি কমপ্লেক্স ভিটামিন। ফলিক এচিডৰ অভাৱত হিম’গ্লবিনৰ মাত্ৰা কম হ’ব পাৰে। সেউজীয়া শাক-পাচলি, বীন, বাদাম, কল, ব্ৰকলি আদি খাদ্যৰ ওপৰত সেয়ে গুৰুত্ব দিব লাগে।

৪/ ডালিম

ডালিম হৈছে প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু আঁহৰ লগতে কেলচিয়াম আৰু আইৰণৰ অন্যতম উৎস। হিম’গ্লবিন বৃদ্ধিৰ বাবে ই অত্যন্ত উত্তম খাদ্য। হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধিৰ বাবে দৈনিক ডালিমৰ ৰস খাব লাগে।

৫/ খেজুৰ

খেজুৰ অতিমাত্ৰা শক্তিৰে ভৰপূৰ আৰু পুষ্টিকৰ খাদ্য। খেজুৰ আইৰণৰ এক প্ৰধান উৎস, যি তেজত হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি কৰে।

৬/ বীট

হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধিৰ অন্যতম উত্তম উপায় হ’ল বীট। ইয়াত কেৱল আইৰণেই নহয়, পটাছিয়াম আৰু আঁহৰ লগতে ফলিক এচিডো থাকে। প্ৰতিদিনে বীটৰ ৰস খালে তেজত হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি নিশ্চিত হয়।

৭/ মাহজাতীয় শস্য

মচুৰ দাইল, বাদাম আৰু বীন আদি মাহজাতীয় শস্যয়ো হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে। মাহজাতীয় শস্যত থকা আইৰণ আৰু ফলিক এচিডৰ পৰিমাণে শৰীৰত ৰক্তকণিকা উৎপাদন বৃদ্ধি কৰাত সহায় কৰে।

৮) ৰঙালাউৰ গুটি

ৰঙালাউৰ গুটিত প্ৰায় আঠ মিলিগ্ৰাম আইৰণৰ লগতে পৰ্যাপ্ত পৰিমাণৰ কেলচিয়াম, মেগনেছিয়াম আৰু মেংগানিজ পোৱা যায়। গতিকে ই হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধিৰ ক্ষেত্ৰত অন্যতম সহায়ক খাদ্য।