মদৰ লগত কেতিয়াও নাখাব এইকেইবিধ খাদ্য, অন্যথা হ’ব পাৰে অত্যধিক অপকাৰ

আজিকালি সমাজৰ এক বুজন পৰিমাণৰ মানুহে সুৰাপান কৰে। পুৰুষ-মহিলা, ধনী দুখীয়া নিৰ্বিশেষে মনৰ অশান্তি আৰু শৰীৰৰ ভাগৰ দূৰ কৰিবলৈ মদৰ গিলাচত চুমুক দি জীৱনৰ জ্বালা যন্ত্ৰণাৰ পৰা কিছু সময়ৰ বাবে পৰিত্ৰাণ বিচাৰে। মদৰ লগত সকলো মানুহেই ‘চাকনা’ হিচাপে বিভিন্ন খাদ্য ভক্ষণ কৰে। এনেবোৰ খাদ্যৰ ভিতৰত কেইবিধমান খাদ্য হৈছে – মাছ, মাংস, বুট, মগু, বিৰিয়ানি, ফল মূল ইত্যাদি। কিন্তু মদৰ লগত সকলো খাদ্য খোৱা উচিত নহয়। এনে কেইবিধমান খাদ্য আছে যিবোৰ খাদ্য মদৰ লগত খালে অত্যধিক অপকাৰ হ’ব পাৰে। গতিকে এনেবোৰ খাদ্য মদৰ লগত খোৱাৰ পৰা বিৰত থকাটোৱেই মংগল। পাৰিলে মদৰ পৰা সম্পূৰ্ণৰূপে দূৰত থকাতো আৰু অতি মংগলজনক। 

মদৰ লগত কি কি খাদ্য খাব নালাগে জানো আহক – 

১/ ব্ৰেড

মদৰ লগত ব্ৰেড খোৱাতো ক্ষতিকাৰক হ’ব পাৰে কাৰণ ই শৰীৰত পানীৰ অভাৱ সৃষ্টি কৰে। যিহেতু মদ আৰু ব্ৰেডত অধিক পৰিমাণে ঈষ্ট থাকে, সেয়েহে লিভাৰে হজম কৰিব নোৱাৰে। শৰীৰত প্ৰচুৰ পৰিমাণে ঈষ্টৰ প্ৰৱেশ হ’লে পাচন তন্ত্ৰ দুৰ্বল হৈ পৰে আৰু পেটফুলা বা বদহজমৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

২/ চকলেট

মদৰ লগত  চকলেট খালএ গেষ্ট্ৰাইটিছৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। চকলেটত কেফেইন আৰু ক’ক’ দুয়োটা থাকে, যিয়ে পেটৰ সমস্যা আৰু অধিক বৃদ্ধি কৰি অহৰহ ভোকৰ সৃষ্টি কৰিব পাৰে।

৩/ পিজ্জা

কথাটো হৃদয়বিদাৰক যেন লাগিব পাৰে যদিও সেয়া সঁচা। পিজ্জা আৰু মদ একেলগে খোৱা ভাল নহয়৷ মদৰ সৈতে ময়দা ভালদৰে হজম নহয় আৰু ই পেটত বিষ আৰু অস্বস্তিৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰিও পিজ্জাই হৃদৰোগ আৰু ওজন বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।

৪) মাহ জাতীয় শস্যৰ খাদ্য

মদ্যপানে আইৰণৰ ভাল উৎস যেনে বুট, মগু, ৰাজমাহ, দালি আদি হজম কৰাত অসুবিধাৰ সৃষ্টি কৰে। মদৰ লগত এইবোৰ খালে অন্ত্ৰত নেতিবাচক প্ৰভাৱ পৰে আৰু পাচনতন্ত্ৰৰ ক্ষতি কৰিব পাৰে।

৫) নিমখীয়া খাদ্য 

নিমখীয়া খাদ্যত ছডিয়ামৰ পৰিমাণ বেছি থাকে যিয়ে পেটৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে মদৰ লগত নিমখীয়া খাদ্য যেনে মাছ বা মাংসৰ ভাজি, পকৰি, চানা আদি নোখোৱাই ভাল।

৬) দুগ্ধজাত সামগ্ৰী

দুগ্ধজাত খাদ্য যেনে পনীৰ, গাখীৰ, আইচক্ৰীম, ডেজাৰ্ট, মাখন, দৈ আদি মদ খোৱাৰ লগত, আগত আৰু পিছতো পৰিহাৰ কৰিব লাগে। পেটত মদ আৰু দুগ্ধজাত সামগ্ৰী একেলগে পৰিলে সংক্ৰমণ, পেটৰ বিষ, আনকি কোষ্ঠকাঠিন্যও হ’ব পাৰে।

৭) টেঙা খাদ্য

নিমখীয়া খাদ্যৰ দৰেই মদৰ লগত টেঙা খাদ্যইও পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। মছলাযুক্ত খাদ্যই পেট খালী হোৱা প্ৰক্ৰিয়াত বিলম্ব ঘটায় আৰু এচিড ৰিফ্লাক্সৰ সৃষ্টি কৰে। ছাইট্ৰাছ ফল খোৱাৰ পিছত এই পৰিস্থিতি আৰু অধিক তীব্ৰতৰ হৈ পৰে।