চল্লিশ হাজাৰ বছৰ ধৰি পৰিৱৰ্তন হোৱা নাই ভাৰতীয়ৰ DNA, আজৱ দাবী মোহন ভাগৱতৰ

Mohan Bhagwat

চল্লিশ হাজাৰ বছৰৰ পূৰ্বৰ ভাৰতীয় আৰু আজিৰ ভাৰতীয়সকলৰ মাজত কোনো পাৰ্থক্য নাই। এই সময়ছোৱাত কোনো পৰিবৰ্তন হোৱা নাই। এইদৰে মন্তব্য কৰিছে আৰএছএছৰ প্ৰধান মোহন ভাগৱতে।

শনিবাৰে ধৰমশালাত অৱসৰপ্ৰাপ্ত ভাৰতীয় সৈনিকসকলৰ এটা অনুষ্ঠানত ভাগৱতে কয় যে যোৱা চল্লিশ হাজাৰ বছৰধৰি ভাৰতীয়সকলৰ ডিএনএৰ কোনো পৰিবৰ্তন হোৱা নাই।

সকলো ভাৰতীয়ৰ পূৰ্বপুৰুষ অভিন্ন। এই পুৰ্বপুৰুষসকলৰ বাবেই ভাৰতীয় সংস্কৃতিৰ বিকাশ অব্যাহত আছে বুলি মন্তব্য কৰে ভাগৱতে।

ভাগৱতে কয় যে ভাৰত আৰু হিন্দুত্বক পৃথক কৰিব পৰা নাযায়। হিন্দুক এৰি ভাৰত হ’ব নোৱাৰে আৰু ভাৰত এৰিও হিন্দু হ’ব নোৱাৰে বুলি তেওঁ কয়।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ভাৰতীয়ৰ পূৰ্বপুৰুষ সম্পৰ্কে ভাগৱতৰ কেতবোৰ মন্তব্যই ব্যাপক চৰ্চা লাভ কৰি আহিছে।

তেওঁ কৈছিল যে এই দেশৰ প্ৰতিজন নাগৰিক প্ৰকৃততে হিন্দু। মুছলমানসকলো প্ৰকৃততে হিন্দু। ইয়াৰ কাৰণ হৈছে তেওঁলোকৰ পুৰ্বপুৰুষসকল হৈছে হিন্দু।

কিন্তু শনিবাৰে প্ৰদান কৰা মন্তব্যটোৱে কেতবোৰ বিশেষ প্ৰশ্নৰ অৱতাৰণা কৰিছে। চল্লিশ হাজাৰ বছৰ পূৰ্বে পৃথিৱীখন কেনেকুৱা আছিল? মানুহৰ প্ৰজাতি দেখিবলৈ কেনেধৰণৰ আছিল?

আধুনিক বিজ্ঞানৰ বিবৰ্তনৰ সূত্ৰ অনুসৰি মানুহৰ ক্ৰমবিকাশত চল্লিছ হাজাৰ বছৰ পূৰ্বক কিধৰণে লক্ষ্য কৰা গৈছে? চল্লিশ হাজাৰ বছৰ পূৰ্বৰ মানুহৰ কোনো ইতিহাস বিশ্বত নাই। তেনেস্থলত চল্লিশ হাজাৰ বছৰ পূৰ্বে ভাৰত নামৰ দেশখন আছিলনে?

বিজ্ঞানসন্মত অধ্যয়নৰ দ্বাৰা জনা যায় যে ভাৰতলৈ প্ৰায় পাঁচ হাজাৰ বছৰ পূৰ্বেহে আৰ্য সভ্যতা বিকশিত হৈছিল। এই আৰ্য সভ্যতাৰেই বৰ্তমান ভাৰতবৰ্ষৰ সমাজ গাঁঠনি আৰু সংস্কৃতিৰ পৰিচালিত হৈ আহিছে। কিন্তু এই আৰ্যসকলো আহিছিল ভাৰতৰ ভূখণ্ডৰ বাহিৰৰ পৰা।

তেনে স্থলত মোহন ভাগৱতৰ মন্তব্যটো আজৱ নহয়নে! প্ৰশ্ন উঠিছে- ভাগৱতে কেতিয়া কেনেকৈ কিদৰে চল্লিছ হাজাৰ বছৰৰ পূৰ্বৰ ভাৰতখন দেখিছিল! নে তেওঁ আৰু তেওঁৰ হিন্দুত্বৰ আদৰ্শই এতিয়াও চল্লিছ হাজাৰ বছৰ পিছুৱাই আছে!