উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান; জলবায়ু আৰু পৰিবেশতন্ত্ৰৰ ভাৰসাম্য ৰক্ষাৰ চেষ্টা

এক বিশেষ ৰায়দানক লৈ দেশজুৰি চৰ্চালৈ আহিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়৷ শেহতীয়াকৈ জলবায়ু পৰিৱৰ্তনৰ বিপদক স্বীকৃতি দি আৰু ২০৭০ চনৰ ভিতৰত ‘শূন্য নিৰ্গমন’ লাভৰ বাবে ভাৰতৰ অভিলাষী প্ৰতিশ্ৰুতিক প্ৰথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ে সমৰ্থন কৰে৷ ৰায়দানত উচ্চতম ন্যায়ালয়ে জীৱাশ্ম ইন্ধন ভিত্তিক বিদ্যুতৰ পৰা নবীকৰণযোগ্য শক্তিৰ উৎপাদন আৰু অতি বিপন্ন গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড (জিআইবি)ৰ সুৰক্ষা দুয়োটা দিশতে আলোকপাত কৰে।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ বিচাৰপীঠে ২০১৯ চনৰ এপ্ৰিল মাহৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অসন্মতি প্ৰকাশ কৰিছে য’ত ৯০ হাজাৰ বৰ্গ কিলোমিটাৰ অঞ্চলত ওভাৰহেড পাৱাৰ ট্ৰেন্সমিছন লাইনত ব্লেংকেট নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। যাৰ ফলত ৰাজস্থান আৰু গুজৰাটৰ প্ৰাইম হাৰ্ভেষ্টিং এলেকাত সৌৰশক্তি উৎপাদনকাৰী ইউনিটসমূহক অকাৰ্যক্ষম কৰি তোলাৰ ফলত ২০৩০ চনৰ ভিতৰত নবীকৰণযোগ্য শক্তিৰ ক্ষমতা ৪৫০ গিগাৱাট (gw) লৈ বৃদ্ধি কৰাৰ ভাৰতৰ লক্ষ্য পথচ্যুত হৈছিল।

লগতে পঢ়কঃ বাক্‌-স্বাধীনতাৰ অৱক্ষয়ত উদ্বিগ্ন নাগৰিক সমাজ! নিউজক্লিকৰ পক্ষত একলগ হ’ল সাংবাদিক-বিৰোধী নেতা আৰু সচেতন নাগৰিক

যোৱা ১৯ মাৰ্চত মুখ্য ন্যায়াধীশৰ নিৰ্দেশৰ ভিত্তিত এক ৰাষ্ট্ৰীয় সংবাদমাধ্যমে জিআইবিৰ মূল বাসস্থানৰ ১৩ হাজাৰ বৰ্গ কিলোমিটাৰৰ বাহিৰে ৭৭ হাজাৰ বৰ্গ কিলোমিটাৰত ওভাৰহেড বিদ্যুৎ পৰিবাহী লাইনৰ ওপৰত নিষেধাজ্ঞা উঠাই লোৱাৰ বাতৰি প্ৰকাশ কৰে।

শেহতীয়াকৈ দেওবাৰে আপলোড কৰা এই বিশদ ৰায়দানত নবীকৰণযোগ্য শক্তি উৎপাদন বৃদ্ধি আৰু জিআইবিৰ সুৰক্ষাৰ মাজত ভাৰসাম্য ৰক্ষাৰ কথা উচ্চতম ন্যায়ালয়ৰ দ্বাৰা উল্লেখ কৰা হৈছে। পৰিবেশবিদ এম কে ৰঞ্জিতসিংহে যুক্তি দিয়ে যে বেছিভাগ জিআইবি চৰাইৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ সংঘৰ্ষৰ বাবেই মৃত্যু হয়। তদুপৰি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে বিষয়টো সামগ্ৰিকভাৱে পৰীক্ষা কৰি ৩১ জুলাইৰ ভিতৰত চৰকাৰৰ জৰিয়তে আদালতত প্ৰতিবেদন দাখিল কৰিবলৈ সাতজনীয়া নতুন বিশেষজ্ঞ সমিতি গঠন কৰে।

লগতে পঢ়কঃ IPL 2024: মধুৰ প্ৰতিশোধেৰে বিজয়ৰ হেট্ৰিক; গুজৰাটৰ বেটিং অৰ্ডাৰত ধুমহাৰ সৃষ্টি কৰি লক্ষ্ণৌৰ মসৃন জয়

এটৰ্নী জেনেৰেল আৰ ভেংকটাৰমণি, ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভাটিৰ পৰা দৃঢ় যুক্তি গ্ৰহণ কৰি বিচাৰপীঠে কয় যে, “বিশেষকৈ গুজৰাট আৰু ৰাজস্থানৰ দৰে অঞ্চলত নবীকৰণযোগ্য শক্তিৰ উৎসসমূহক প্ৰসাৰিত কৰাৰ বাবে ভাৰতৰ দায়বদ্ধতাৰ দেশৰ বহনক্ষম উন্নয়নৰ নিৰ্ধাৰিত লক্ষ্যৰ সৈতে যথেষ্ট সাদৃশ্যতা আছে।”