• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2024: মধুৰ প্ৰতিশোধেৰে বিজয়ৰ হেট্ৰিক; গুজৰাটৰ বেটিং অৰ্ডাৰত ধুমহাৰ সৃষ্টি কৰি লক্ষ্ণৌৰ মসৃন জয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 8, 2024 8:02 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টছত জয়লাভ কৰি প্ৰথমতে বলিং কৰি বিপক্ষৰ ৰান অনুসৰণ কৰি লক্ষ্যত উপনীত হোৱাটোৱে টী-২০ ক্ৰিকেটৰ মূল মন্ত্ৰ। কিন্তু টছত জয়ী হৈ প্ৰথমে বেটিং কৰি ডাঙৰ ৰানৰ লক্ষ্য নিদিয়াকৈয়ো যে জয়ৰ সমীকৰণ সলনি কৰি দিব পাৰি, সেয়া দেওবাৰে লক্ষ্ণৌত প্ৰত্যক্ষ কৰে আলহী দলটোৱে। গুজৰাটৰ বেটিং অৰ্ডাৰত ধুমুহাৰ  সৃষ্টি কৰি অনায়াসে মেচখন উলিয়াই নিলে ৰাহুল বাহিনীয়ে। বেটিঙৰ উপৰিও আকৌ এবাৰ দৃষ্টি আকৰ্ষণ কৰিলে ৰাহুলৰ নেতৃত্বই।

আই পি এলত পূর্বৰ চাৰিখন মেচত প্রতিবাৰেই লক্ষ্ণৌক পৰাস্ত কৰিছে গুজৰাট টাইটানছে৷ অৰ্থাৎ আহমেদাবাদেই হওক বা ৰাহুলৰ ঘৰুৱা খেলপথাৰেই হওক, গিলছে ছুপাৰ জায়েণ্টছক ক’তো ৰেহাই দিয়া নাই। লক্ষ্ণৌ শিবিৰত প্ৰতিশোধৰ জুই উমি উমি জ্বলি আছিল। অৱশেষত দেওবাৰে সন্ধিয়া সেই প্ৰতিশোধৰ লক্ষ্য পূৰণ হয়। মধুৰ প্ৰতিশোধৰ সৈতে আহিছিল জয়ৰ হেট্ৰিক।

Apply Now

দেওবাৰৰ দিনটোতে লক্ষ্ণৌৰ ইনিংছ ১৬৪ ৰানতে সমাপ্ত হয় কাৰণ বেটছমেনসকলে তেনেকৈ বিস্ফোৰক হৈ উঠিব নোৱাৰিলে। ষ্টয়নিছৰ ৫৮ ৰান আৰু অধিনায়ক কে এল ৰাহুলৰ ৩৩ ৰানৰ বাহিৰে কোনেও ক্ৰীজত বেছি দিন টিকি থাকিব নোৱাৰিলে।

স্ক’ৰকাৰ্ডখন চাই বহুতে অনুভৱ কৰিছিল যে গিল বাহিনীয়ে সহজেই লক্ষ্যত উপনীত হ’ব। কিন্তু বলাৰসকলে তেনে হ’বলৈ নিদিলে। নিখুঁত বলিঙৰ লগতে আছিল চকু কপালত তুলিব পৰা ফিল্ডিং। দুয়োটাৰ তালমিলেৰে লক্ষ্ণৌৱে গুজৰাটক ধৰাশায়ী কৰিলে। ৰবি বিষ্ণোইয়ে কেন উইলিয়ামছনৰ ফ্লাইং কেচ লৈ আউট কৰি জণ্টী ৰোডছৰ কথা মনত পেলাই দিলে।

ইপিনে, যুৱ খেলুৱৈ যশ ঠাকুৰে দুৰ্দান্ত বলিঙেৰে খেল ঘুৰাই দিলে। তেওঁ ৩.৫ অভাৰত মাত্ৰ ৩০ ৰান দি ৫টা উইকেট দখল কৰে। গুজৰাটৰ বেটিং অৰ্ডাৰ ভাঙি পৰাত ক্ৰুনাল পাণ্ডিয়াইও ডাঙৰ ভূমিকা পালন কৰিছিল। তেওঁ ১১ ৰাণত তিনিটা উইকেট দখল কৰে। এই দুই বলাৰৰ পৰাক্ৰমত ১৩০ ৰানতে থমকি ৰয় যোৱাবাৰৰ ৰানাৰ্ছ আপ গুজৰাট।

কিন্তু জয়ৰ পিছতো মায়ংক যাদৱৰ আঘাতে কিছু চিন্তাৰ সৃষ্টি কৰে। এটা অভাৰ বলিং কৰাৰ পিছত বৰ্তমানৰ আই পি এলৰ স্পীডষ্টাৰগৰাকী ভৰিৰ বিষৰ বাবে খেলপথাৰ এৰি যায়। তাৰ পিছত আৰু তেওঁক ফিল্ডিং কৰা দেখা নগ’ল।

সংক্ষিপ্ত স্কোৰঃ

লক্ষ্ণৌ ছুপাৰ জায়েন্টছঃ ১৬৩/৫ (ষ্টয়নিছ-৫৮, ৰাহুল-৩৩)

গুজৰাট টাইটানছ: ১৩০/১০ (সুদৰ্শন-৩১, টিওটিয়া-৩০)

লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ৩৩ ৰানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd