অসমৰ বাঙালীক লৈ ৰাজনীতি এৰা নাই মমতাই; পঞ্চায়ত নিৰ্বাচনতো অংশগ্ৰহণ তৃণমূল কংগ্ৰেছৰ

প্ৰচাৰৰ বাবে অসমলৈ আহিল তৃণমূল কংগ্ৰেছৰ কেইবাজনো মন্ত্ৰী, সাংসদ

mamata banarjee on nrc assam

অসমৰ বাঙালীৰ আৱেগক লৈ ৰাজনীতি কৰিবলৈ এৰা নাই পশ্চিম বংগৰ মুখ্য মন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতাই বেনাৰ্জীয়ে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ অসমৰ ৰাজনীতিৰ পানী ঘোলা কৰা অগ্নিবৰ্ষী নেত্ৰীগৰাকীয়ে এইবাৰ পঞ্চায়ত নিৰ্বাচনতো নিজৰ দলৰ প্ৰাৰ্থী থিয় কৰাইছে।

দলটোৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰৰ বাবে ইতিপূৰ্বে কেইবাজনো মন্ত্ৰী, সাংসদক অসমলৈ প্ৰেৰণ কৰিছে।

মন কৰিব লগীয়া যে যোৱা বিধানসভা নিৰ্বাচনতো দলটোৱে প্ৰাৰ্থী দিছিল যদিও পঞ্চায়ত নিৰ্বাচনত এয়ে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছে। বিশেষকৈ শিলচৰ, তিনিচুকীয়া আৰু নগৰবেৰাৰ মালিবাৰীত দলটোৱে প্ৰাৰ্থী থিয় কৰাইছে।

জানিব পৰামতে, মুঠ ১৭৯টা জিলা পৰিষদৰ পদত দলটোৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। প্ৰাৰ্থীসকলৰ হৈ অসমত ইতিপূৰ্বে প্ৰচাৰ চলাইছে দলটোৰ লোকসভাৰ সাংসদ শতাব্দী ৰয়, মমতা ঠাকুৰ, মন্ত্ৰী ছিদ্দিকুল্লা চৌধুৰী আৰু অন্যান্য নেতাসকলে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে এন আৰ চিৰ খচৰাৰ পৰা বাদ পৰা ৪০ লাখতকৈও অধিক লোকৰ বেছি সংখ্যকেই বাঙালী বুলি দাবী কৰি মমতা বেনাৰ্জীয়ে অসমৰ বাঙালীসকলক খেদিব বিচৰা বুলি অভিযোগ উত্থাপন কৰি আহিছে। তেওঁ বিভিন্ন সময়ত অসমীয়াসকলক বাঙালী বিৰোধীও সজাবৰ চেষ্টা কৰি আহিছে।

ইপিনে এন আৰ চিৰ খচৰা প্ৰকাশৰ পিছতে তেওঁ এন আৰ চিক লৈ অসমৰ বাঙালীসকলৰ ক্ষোভ-অসন্তুষ্টিৰ বুজ ল’বলৈ নিজৰ দলৰ কেইবাজনো মন্ত্ৰী, সাংসদক অসমলৈ প্ৰেৰণ কৰিছিল। ইয়াৰ জৰিয়তে মমতাৰ দলে অসমৰ ৰাজনীতিত যে খোপনিহে বিচাৰিছিল, সেয়া এই পঞ্চায়ত নিৰ্বাচত প্ৰথমবাৰ ভূমুকি মৰাটোৱে প্ৰমাণ কৰিছে।

অহা লোকসভাৰ নিৰ্বাচনতো দলটোৱে অসমত প্ৰাৰ্থী দিয়াৰ কথা চিন্তা-চৰ্চা কৰা বুলি জানিব পৰা গৈছে।

“আমাৰ নেত্ৰী মমতা বেনাৰ্জীয়ে ইতিপূৰ্বে ঘোষণা কৰিছে যে অহা বছৰৰ লোকসভা নিৰ্বাচনত অসমত আমাৰ দলটোৱে কেইখনমান লোকসভা আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। গতিকে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আমাৰ বাবে পৰীক্ষা-নিৰীক্ষা আৰু ছেমিফাইনেল সদৃশ।” খাদ্য আৰু যোগান মন্ত্ৰী জ্যোতিপ্ৰিয় মল্লিকে কয়।

মন কৰিব লগীয়া যে ২০১১ চনৰ লোকপিয়লৰ তথ্যমতে, অসমত বাঙালী লোকৰ সংখ্যা প্ৰায় ২৯ শতাংশ। বিশেষকৈ বৰাক উপত্যকাত বাঙালীসকলৰ সংখ্যাগৰিষ্ঠতা ব্ৰহ্মপুত্ৰত অসমীয়াভাষীৰ দৰেই।