আম্বানীৰ অট্টালিকাত আক্ৰমণৰ ভাবুকি দিয়া অভিযুক্ত ব্যক্তিক বিহাৰৰ পৰা গ্ৰেপ্তাৰ

Ambani

দেশৰ দ্বিতীয়গৰাকী ধনৱন্ত ব্যক্তি পুঁজিপতি মুকেশ আম্বানীৰ মুম্বাইস্থিত বিখ্যাত অট্টালিকা ‘এণ্টিলিয়া’ত আক্ৰমণৰ ভাবুকি দিয়াৰ অভিযোগত এগৰাকী ব্যক্তিক বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে।

আৰক্ষীৰ এটা বিশেষ দলে মাজনিশা বিহাৰৰ দৰভাঙ্গা জিলাৰ পৰা এই ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰে আৰু মুম্বাইলৈ লৈ যায় বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে।

আম্বানী মালিকানাধীন মুম্বাইৰ ছাৰ এইচএন ৰিলায়েন্স ফাউণ্ডেচন হস্পিটেললৈ বুধবাৰে অচিনাক্ত কোনো লোকে দুবাৰকৈ ফোন কৰি চিকিৎসালয়খনৰ লগতে দক্ষিণ মুম্বাইৰ আম্বানী পৰিয়ালৰ বাসগৃহ ‘এণ্টিলিয়া’ উৰুৱাই দিয়াৰ ভাবুকি দিছিল।

ফোনত অচিনাক্ত ব্যক্তিগৰাকীয়ে আম্বানী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলকো ভাবুকি জাৰি কৰিছিল বুলি চিকিৎসালয় কৰ্তৃপক্ষই আৰক্ষীৰ ওচৰত অভিযোগ কৰিছিল।

ইয়াৰ পাছতে আৰক্ষীয়ে নিশাটোৰ ভিতৰতে অভিযান চলাই বিহাৰৰ পৰা এই ব্যক্তিগৰাকী গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে বিগত দুটা মাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে আম্বানী পৰিয়ালে এনে ভাবুকি লাভ কৰিছে। যোৱা ১৫ আগষ্টত আম্বানীৰ পৰিয়ালে এনে ভাবুকিৰ ফোন কল লাভ কৰিছিল।

পিছত এই ফোনকলৰ অভিযুক্ত এগৰাকী ব্যক্তিক দহিচৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।