বিদেশী ন্যায়াধিকৰণ সাজু নোহোৱাৰ ফলত স্থবিৰ হৈ পৰিছে নেকি এন আৰ চিৰ পৰৱৰ্তী প্ৰক্ৰিয়া?

nrc-1-678x381

প্ৰতিনিধিত্বমূলক ফটো

চূড়ান্ত এন আৰ চি প্ৰকাশৰ পৰা প্ৰায় দুমাহ অতিক্ৰম কৰাৰ উপক্ৰম হোৱাৰ সময়তো সাজু হৈ উঠা নাই ৰাজ্যৰ বিদেশী ন্যায়াধীকৰণসমূহ।

৩১ আগষ্টত চূড়ান্ত এন আৰ চি প্ৰকাশ পোৱাৰ পাছত বাদ পৰা লোকসকলে নিজকে বিদেশী নহয় বুলি প্ৰমান কৰিবলৈ এতিয়া ক’লৈ যাব তাক লৈ সমস্যাত পৰিছে।

ইয়াৰ মাজতে উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাক বদলি কৰাৰ বাবে নির্দেশ দিয়াৰ পাছত এন আৰ চিৰ পৰৱৰ্তী কামকাজ স্থবিৰ হৈ পৰিছে।

ইপিনে, চূড়ান্ত এনআৰ চিৰ পৰা নাম বাদ পৰা লোকসকললৈ জাননী দিয়াৰ প্ৰক্ৰিয়াও ব্যহত হৈ পৰিছে।

এন আৰ চিৰ পৰা বাদ পৰা লোকসকলে বিদেশী ন্যায়াধিকৰণৰ কাষ চপাৰ প্ৰক্ৰিয়াটো আগনবঢ়াৰ বাবে গোটেই প্ৰক্ৰিয়াটো ধূসৰ হৈ পৰিছে।

আনহাতে, ইতিমধ্যে বিদেশী ন্যায়াধিকৰণত নতুনকৈ নিযুক্তি দিয়া সদস্যসকলৰ নামত অযথা ৰাজকোষৰ ধন শৰাধ হোৱাৰ বাট মুকলি হৈছে।

কিয়নো এন আৰ চি কৰ্তৃপক্ষই জাননী জাৰি নকৰালৈকে উক্ত লোকসকলে বিদেশী ন্যায়াধীকৰণৰ ওচৰলৈ যোৱাৰ কোনো ৰাস্তা নাই। এন আৰ চিৰ জাননী লাভ কৰাৰ পাছতহে তেওঁলোকে ন্যায়াধিকৰণত আবেদন জনাব।

৩১ আগষ্টত চূড়ান্ত এন আৰ চি প্ৰকাশ পোৱাৰ পাছত বাদ পৰা প্ৰায় ১৯ লাখ লোকৰ আবেদন গ্ৰহণ কৰিবলৈ ৰাজ্যখনত স্থাপন কৰিবলগীয়া ২০০ খন অতিৰিক্ত বিদেশী ন্যায়াধীকৰণৰ বাবে সদস্যসকলক নিযুক্তি দিয়া হৈছে।

ইপিনে ন্যায়াধিকৰণৰ কাম আৰম্ভ নোহোৱাৰ পৰিপ্ৰেক্ষিতত এই সদস্যসকলৰ দৰমহাৰ নামত বিশাল পৰিমানৰ ধন ব্যয় হ’ব।

প্ৰায় ২০০গৰাকী নিযুক্তি দিয়া সদস্যৰ নামত মাহে প্ৰতিগৰাকীৰ বিপৰীতে এক লাখতকৈয়ো অধিক টকা ব্যয় হ’ব বুলি জানিব পৰা গৈছে। কেবল দৰমহাৰ নামতে এগৰাকী সদস্যই লাভ কৰিব কমেও ৮৫,০০০টকা।

তদুপৰি, চৰকাৰে বিদেশী ন্যায়াধিকৰণৰ বাবে ১৮০০ কৰ্মচাৰীক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়াও চলাই আছে। বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা এইসকল প্ৰাৰ্থীক নিযুক্তি দিবলৈহে বাকী আছে।

পিচে, বিদেশী ন্যায়াধিকৰণত আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে কৰ্মচাৰীসকলক নিযুক্তি দিলে তথা আবেদন প্ৰক্ৰিয়া বিলম্ব হ’লে চৰকাৰে বৃহৎ পৰিমানৰ ধন এনেয়েই ব্যয় কৰিব লাগিব।

আনহাতে, এন আৰ চিৰ পৰৱৰ্তী প্ৰক্ৰিয়া সম্পৰ্কে বৰ্তমান একো জানিব পৰা হোৱা নাই। ৰাজ্যিক সমন্বয়কগৰাকীক উচ্চতম ন্যায়ালয়ে বদলিৰ নিৰ্দেশ দিয়াৰ পাছতে প্ৰক্ৰিয়াটো প্ৰায় স্থবিৰ হৈ পৰিছে।

দেখা গৈছে যে চৰকাৰেও এন আৰ চিক লৈ সদ্যহতে কোনো তৎপৰতা প্ৰদৰ্শন কৰা নাই। কিন্তু ৰাজ্যখনত ডিটেনশ্যন কেম্পত বন্দী লোকৰ ঘটনা সংঘটিত হোৱালৈ চাই চৰকাৰে গোটেই প্ৰক্ৰিয়াটো খৰতকীয়া কৰি তোলা উচিত।

ভাৰতীয় নাগৰিক আৰু বিদেশী নাগৰিকৰ মাজত সীমাৰেখাডাল স্পষ্ট নহ’লে চৰকাৰৰ বাবেই ই বুমেৰাং হৈ পৰিব পাৰে। সেয়ে বিদেশী ন্যায়াধীকৰণৰ প্ৰসংগত চৰকাৰে যথাসম্ভৱ শীঘ্ৰেই বিষয়টো মোখনি মৰা উচিত।