গোলাঘাটৰ বন বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি, চকীদাৰক প্ৰহাৰ

যোৱানিশা গোলাঘাটৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যলয়ত সৃষ্টি হয় এক উত্তপ্ত পৰিস্হিতিৰ।জানিব পৰা মতে কাৰ্যলয়টোৰ চকীদাৰৰ দায়িত্বত থকা ভাইকন গোহাই নামৰ এজন বন কৰ্মীক চফিকুল আলী নামৰ এজন লোকে প্ৰহাৰ কৰাক লৈ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়।

খবৰ অনুসৰি চফিকুল আলী নামৰ লোকজনে কাৰ্যলয়টোৰ গেট খুলি নিদিয়াৰ কাৰণে বন কৰ্মীজনক গেট পাৰ হৈ কাৰ্যালয়টোৰ ভিতৰতে উপৰ্যুপৰি আক্ৰমণ কৰে।

চফিকুলৰ আলীৰ ঘৰ বন বিভাগৰ কাৰ্যালয়ৰ পাছফালে হোৱাত কাৰ্যালয়ৰ গেট খুলি দিবলৈ চকীদাৰজনক নিৰ্দেশ দিয়াক কেন্দ্ৰ কৰিয়েই ঘটনাৰ সূত্ৰপাত হয়।

গেট খুলি নিদিয়াত চফিকুলে গেট পাৰ হৈ আহি বনকৰ্মী জনক উপৰ্যুপৰি প্ৰহাৰ কৰে। ঘটনাৰ খবৰ পাই আৰক্ষী উপস্থিত হৈ বনকৰ্মী জনক উদ্ধাৰ কৰাৰ লগতে গুৰুতৰভাৱে আঘাত পোৱাত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইফালে নিশাই আৰক্ষীয়ে ঘটনা স্হলীত উপস্হিত হৈ আক্ৰমণত আঘাত প্ৰাপ্ত ভাইকন গোহাইক চিকিৎসালয়ত প্ৰেৰণ কৰাৰ লগতে অভিযুক্ত চফিকুলক আটক কৰে।