বিশ্বনাথত কুখ্যাত চোৰাং চিকাৰী আব্দুল বাৰেকক আটক

IMG-20181021-WA0040-01

বন বিভাগৰ হাতত কৰায়ত্ত হোৱা চোৰাং চিকাৰী আব্দুল বাৰেক। ফটো : নৰ্থইষ্ট নাও

কাজিৰঙাৰ উত্তৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত দেওবাৰে বিয়লি ভাগত বিশ্বনাথৰ জিনজিয়াত চলোৱা এক বিশেষ অভিযানত জিনজিয়া চেন্টাৰৰ পৰা বন বিভাগৰ দলটোৱে কুখ্যাত গঁড় চিকাৰী আব্দুল বাৰেকক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

ধৃত চোৰাংচিকাৰীজন বহু দিনৰ পৰা পলাতক হৈ আছিল আৰু তেওঁক বিচাৰি এই সন্দৰ্ভত বন বিভাগৰ দলে অনুসন্ধান অব্যাহত ৰাখিছিল।

আনহাতে, সোমবাৰে পুৱাৰ ভাগত চোৰাং চিকাৰীজনক বাগৰি ৰেঞ্জত গতাই দিব বুলি বনাঞ্চলিক বিষয়াজনে আমাৰ এই সংবাদাতাক জানিবলৈ দিয়ে।

উল্লেকযোগ্য যে ২০১৬ চনৰ ২২ ডিচেম্বৰ দিনা বাগৰিত সংঘটিত হোৱা গঁড় হত্যাৰ লগত নাওৰীয়া হিচাপে জড়িত আছিল দেওবাৰে বন বিভাগে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা গঁড়ৰ চোৰাং চিকাৰী আব্দুল বাৰেক।

ধৃত চোৰাং চিকাৰী আব্দুল বাৰেকক জেৰা কৰাৰ পিছত গঁড়ৰ চোৰাং চিকাৰী চক্ৰৰ সন্দৰ্ভত বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।