NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাত সান্ধ্য আইনৰ মাজতে অবৈধ শিল কঢ়িওৱা ডাম্পাৰ জব্দ বন বিভাগৰ

May 14, 2021 6:57 am · মানস প্রতীম গগৈ
ফটো: নৰ্থইষ্ট নাও।

কোভিড-১৯ অতিমাৰিৰ প্রকোপৰ ফলত ৰাজ্য চৰকাৰে বৃহস্পতিবাৰৰে পৰা দিনৰ ২ বজাৰৰ লগে লগে নগৰ অঞ্চলত সান্ধ্য আইন বলৱৎত কৰিছে।

সান্ধ্য আইন অৱ্যাহত থকা সময়তে বৃহস্পতিবাৰে সন্ধিয়া মাৰ্ঘেৰিটাৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অবৈধভাৱে কোনো ধৰণৰ নথিপত্ৰ নোহোৱাকৈ শিল পৰিবহন কৰা এখন ডাম্পাৰ আৰক্ষীৰ সহযোগত বন বিভাগে মাৰ্ঘেৰিটাত জব্দ কৰে।

জব্দ কৰা ডাম্পাৰ খনৰ নম্বৰ হল-এছ ২৩ চি চি ৬৩৮৮ ।

উল্লেখ্য যে জাগুন, লেখাপানী আৰু ডিৰক অঞ্চলৰ পৰা প্ৰতিদিনে নথিপত্ৰ বিহীনভাৱে একাংশ শিল মাফিয়াই বন বিভাগৰ একাংশ লোকক মেনেজ কৰি অবৈধ শিল সৰবাৰহৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে।

এইক্ষেত্ৰত বন বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষক কঠোৰ হ’বলৈ সচেতন মহলে দাবী জনাইছে।

আনহাতে, এখন টিপি-চালানৰ জৰিয়তে কেইবাবাৰো শিল সৰবৰাহ কৰি অহাৰো তথ্য পোৱা গৈছে। এইক্ষেত্ৰত বন বিভাগ চকুমুদা কুলিৰ ভাও ধৰাৰ অভিযোগ উত্থাপন হৈছে।

Related News