সমগ্ৰ ৰাজ্যতে অতিমাৰীৰ ৰূপ লোৱা কভিড-১৯ ৰ সংক্ৰমণ ভয়াবহভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা নতুন নিৰ্দেশনা মানি বাক্সা জিলাৰ তামুলপুৰ মহকুমাতো আৰক্ষীয়ে পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখে।
মহকুমা সদৰৰ ঘগ্ৰাচ’ক, পুৰণ তামুলপুৰ চক, মটঙা চকৰ লগতে মহকুমাটোৰ দ্বাৰকুছি,কুমাৰীকাটা, নাগ্ৰীজুলি আদি বিভিন্ন ঠাইৰ দোকান পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান আদি দিনৰ ১-০০ বজাৰ লগে লগে বন্ধ হৈ পৰে।
দিনৰ ১ বজাৰ লগে লগে তামুলপুৰত দোকান পোহাৰ বন্ধ হৈ পৰাত জনশূন্য হৈ পৰে তামুলপুৰ মহকুমা সদৰৰ ৰাজপথ।
শেহতীয়াভাৱে বাক্সা জিলাৰ তামুলপুৰত ভয়াবহ ভাৱে বৃদ্ধি পাইছে কভিড-১৯ৰ গণ সংক্ৰমণ।
বৃহস্পতিবাৰে তামুলপুৰ মহকুমাত পুনৰ নতুনকৈ ১৬ গৰাকী লোকৰ দেহত কোভিড-১৯ ৰ সংক্ৰমণ ধৰা পৰে। ইতিমধ্যে বাক্সা জিলাত বিগত এটা মাহত ৮ গৰাকীকৈ লোক কোভিড ১৯-ত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লগতে তামুলপুৰ মহকুমাত তিনিটা দিনত ৬৬ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হৈছে।
চৰকাৰৰ নতুন নিৰ্দেশনাৰে লোৱা কঠোৰ স্থিতিয়ে হয়তো কোভিড-১৯ৰ সংক্ৰমণ হ্ৰাস কৰিব পাৰিব যদিহে জনসাধাৰণে চৰকাৰৰ নতুন বিধি মানি চলি চৰকাৰক সহযোগ কৰে।
ইপিনে বুধবাৰে ৰাজ্য চৰকাৰে ঘোষণা নতুন এছ অ’ পি ৰ পিছত কঠোৰ হৈ পৰিছে তামুলপুৰ আৰক্ষী। তামুলপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া বনজিৎ উজীৰৰ নেতৃত্বত আৰক্ষীৰ দল এটাই ৰাজপথলৈ ওলাই আহি যিসকল ব্যক্তিয়ে বিনা কাৰণত বাহিৰলৈ ওলাই আহি চৰকাৰী নীতি অমান্য কৰিছে সেই সকলৰ বিৰূদ্ধে কঠোৰ হৈ পৰে।
বিনা কাৰণত নিয়ম উলংঘা কৰি ৰাজপথলৈ ওলাই অহা লোক সকলক তামুলপুৰ আৰক্ষীয়ে সোধ পোচ কৰাৰ লগতে নতুন নিয়মাৱলীৰ বিষয়ে বুজাই দিয়ে আৰু বিনা কৰাণত ৰাজপথলৈ ওলাই নাহিবলৈ আহ্বান জনোৱাৰ লগতে কোনো লোকে পুণৰ চৰকাৰে বান্ধি দিয়া নিয়ম যদি উলংঘা কৰে তেনেহলে তেনে লোকৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে আৰক্ষী বিষয়া উজীৰে।