বুঢ়াপাহাৰত চোৰাং কাঠৰ সৈতে ট্ৰাক জব্দ বন বিভাগৰ; চাৰিজনক কৰায়ত্ত

IMG-20191129-WA0105

চোৰাং কাঠৰ ট্ৰাকৰ সৈতে আটক কৰা সৰবৰাহকাৰী কেইজন। ফটো: নৰ্থইষ্ট নাও

কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত চলি আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ জিলা খনৰ বনবিভাগৰ চকুৰ আগেৰে প্ৰতিদিন সৰবৰাহ হৈছে মূল্যবান কাঠ ৷

শুকুৰবাৰে কাৰ্বি আংলঙ জিলাৰ মান্দু গাঁৱৰ দিশৰ পৰা কাঠৰ কুণ্ডা কঢ়িয়াই অনা দুখন মিনি ট্ৰাক জব্দ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চলক পেৰিয়াৰ স্বামী শিৱকুমাৰৰ নেতৃত্বত এই ট্ৰাক দুখন বন কৰ্মীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷

জানিব পৰা মতে, শুকুৰবাৰৰ দিনা কাৰ্বি আংলঙৰ পৰা কাঠ কঢ়িয়াই অনা এ এছ ০২ চি চি ১৬১০ আৰু এ এছ ০১ জি চি ৩৩৮২ নম্বৰৰ ট্ৰাক দুখন কাৰ্বি আংলং জিলাৰ পৰা ওলাই অহা অৱস্থাতে প্ৰত্যক্ষ কৰে কাজিৰঙাৰ সঞ্চলক গৰাকীয়ে ৷

ট্ৰাক দুখনক কাঞ্চনজুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত ৰখাবৰ বাবে সঞ্চালকে নিৰ্দেশ দিয়ে যদিও ট্ৰাক দুখনে নিৰ্দেশ অমান্য কৰি সঞ্চালকৰ গাড়ীৰ নিচেই কাষেদিয়েই তীব্ৰ গতিৰে পলায়ন কৰে ৷

চোৰাং কাঠেৰে সৈতে এখন ট্ৰাক। ফটো: নৰ্থইষ্ট নাও

এই ঘটনাত এক সম্ভাৱ্য দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে সঞ্চালক গৰাকীৰ লগতে বনকৰ্মী সকল ৷

সঞ্চালক শিৱকুমাৰৰ নেতৃত্বতেই বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া আৰু বনকৰ্মীৰ দলে কৌশলেৰে ট্ৰাক দুখন জব্দ কৰাৰ লগতে চালক সহ চাৰিজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷

ট্ৰাক দুখনৰ পৰা উদ্ধাৰ হয় ২৪ টাকৈ শালৰ গছৰ কুণ্ডা ৷ আটক কৰা লোক কেইজন হ’ল মন্টু ঘাটোৱাল, কেশৱ দাস, আজাজ আলি আৰু নাজৰুল চেইখ ৷

ধৃত লোক কেইজনে দিয়া স্বীকাৰোক্তি অনুসৰি কাৰ্বি পাহাৰৰ পৰা এনেদৰে নিয়া কাঠবিলাক কিছুমান অবৈধ কাঠৰ মিলত যোগান দি আহিছে একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে ৷