কুম্ভীঝাৰত উদ্ধাৰ এটি হৰিণা; বন বিভাগে মানস অভয়াৰণ্যত এৰিলে গাভিনী পহুটো

Deer rescued at Nagrijuli

ফটো: নৰ্থইষ্ট নাও।

বাক্সা জিলাৰ নাগ্ৰীজুলিৰ কুম্ভীঝাৰ গাঁওত আজি উদ্ধাৰ কৰা হয় এটি হৰিণা পহু ৷

পুৱাই হৰিণা পহুটো এটি পৰিয়ালৰ তামোলবাৰীত চৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে।

স্থানীয় লোকে কুমাৰীকাটা আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ত খবৰ দিয়াত   বনবিভাগৰ লোক কুম্ভীঝাৰত আহি উপস্থিত হয় ৷

পিছত স্থানীয় লোকৰ সহযোগত বন বিভাগৰ লোকে হৰিণা পহুটো সুস্থ অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক: Covid-19 Update: নিয়ন্ত্ৰণহীন কৰ’না; দেশত দৈনিক সংক্ৰমণ ১লাখ অতিক্ৰম,পজিটিভিটিৰ হাৰ ৭.৭৪ শতাংশলৈ বৃদ্ধি

কুমাৰীকাটাস্থিত বনবিভাগৰ লোকে হৰিণাটো উদ্ধাৰ কৰি মানস অভয়াৰণ্যত এৰি দিবলৈ লৈ যায় ৷

বন বিভাগৰ লোকে জানিবলৈ দিয়া মতে খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা প্ৰায় তিনি বছৰ বয়সৰ হৰিণাটো গাভিনী আছিল৷